স্বৰ্গীয় মৌ ৰয়চৌধুৰীৰ স্মৃতিত ঢাকাত অনুষ্ঠিত হ’বলগীয়া “ব্যতিক্রম এডোকেচন কনক্লেভ” 

206

ব্যতিক্রম মাছডোৰ ঢাকাত ১০ জুনত অনুষ্ঠিত হবলগীয়া “ব্যতিক্রম এডোকেচন কনক্লেভ” অনুষ্ঠানটি উৎসৰ্গিত কৰা হৈছে সত্যপ্ৰয়াত মৌ ৰায়চৌধুৰীৰ নামত । মৌ ৰায়চৌধুৰী এগৰাকী সাহিত্যিক আছিল ।বিশেষকৈ তেওঁৰ কবিতাই বহু পাঠকৰ হৃদয় জয় কৰিছিল। তেওঁ ‘সুস্থ’, ‘ছাফৰ’, ‘খেলা’ আদি আলোচনীৰ মুখ্য উপদেষ্টা আছিল । তেওঁ টেকন’ ইণ্ডিয়া গ্ৰুপৰ প্ৰতিষ্ঠাপক পৰিচালন সঞ্চালক তথা ভগ্নী নিবেদিতা বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰক আছিল। বিশেষকৈ ৰবীন্দ্ৰ সংগীত পৰিবেশনে সকলোৰে মাজত জনপ্ৰিয় হৈ উঠিছিল। তেঁও ভাৰতবৰ্ষত লগতে বাংলাদেশ টো চর্চিত আছিল। উল্লেখযোগ্য যে ৭ মে তাৰিখে তেওঁ পৰলোকপ্ৰাপ্তি হয় ।


এই সন্দর্ভত ব্যতিক্রম মাছডোব সভাপতি ড° সৌমেন ভাৰতীয়াই কয়, “মৌ ৰায়চৌধুৰী এগৰাকী ভাল ব্যক্তি আছিল। দুখৰ কথা যে তেওঁ ৫৩ বছৰ বয়সতে তেওঁ আমাৰ মাজৰ পৰা নোহোৱা হ’ল। তেখেতৰ ভাৰতৰ আৰু বাংলাদেশৰ শৈক্ষিক ক্ষেত্ৰখনটো বহুতো অবদান আছে । তেওঁক স্মৰণ কৰি ১০ জুনত বাংলাদেশত অনুষ্ঠিত হবলগীয়া “এডোকেচন কনক্লেভ” অনুষ্ঠানটৌ আমি মৌ ৰায়চৌধুৰী নামত উৎসৰ্গিত কৰিছো । এই কনক্লেভত সহযোগিতা আগবঢ়াইছে গুৱাহাটী বাংলাদেশৰ সহকাৰী উচ্চাযুক্তই আৰু ফ্ৰেন্ডস্ অফ বাংলাদেশ ।