উৎকৃষ্টতা উন্মোচন: শীৰ্ষ প্ৰকল্পৰ পৰা প্ৰিমিয়াৰ ক্ৰছঅ’ভাৰ হিচাপে নতুন নিছান কাশ্বকাই ৰাজত্ব কৰে

169

ব্ৰিটেইনৰ চাণ্ডাৰলেণ্ডত প্ৰায় ১৮ বছৰ পূৰ্বে প্ৰথমখন নিছান কাশ্বকাই উত্পাদন কেন্দ্ৰৰ পৰা বজাৰলৈ মুকলিৰ লগে লগে ক্ৰছঅভাৰ ছেগমেণ্টৰ সৃষ্টি কৰিছিল আৰু সমান্তৰালভাৱে অটোমোটিভ জগতখনলৈ বৈপ্লিৱক জোৱাৰ আনিছিল। আজিৰ তাৰিখত ২০২৪ চনত ১০০খন দেশৰ চাৰি মিলিয়নতকৈ অধিক গ্ৰাহকৰ সৈতে ব্ৰিটেইনৰ আটাইতকৈ দ্ৰুত বিক্ৰী হোৱা গাড়ীখনক গ্ৰাহকৰ অভিজ্ঞতা উন্নত কৰিবলৈ নান্দনিক ডিজাইন আৰু উল্লেখযোগ্য প্ৰযুক্তিৰ আপডেটৰ সৈতে উন্নীত কৰা হৈছে।

নিছানে চাণ্ডাৰলেণ্ডত প্ৰস্তুত কৰি আছে কাশ্বকাই বৈদ্যুতিক বাহন, যিসমূহ বাহন অচিৰে সমগ্ৰ ইউৰোপ আৰু আন আন দেশৰ নিছান ডিলাৰসকলক প্ৰদান কৰা হ’ব। শেহতীয়া উন্নীতকৰণৰ বাবে প্ৰকল্পটোত নতুনকৈ ৩০ মিলিয়ন ব্ৰিটিছ পাউণ্ড বিনিয়োগৰ প্ৰয়োজন, যি ইউকেত নিছানৰ মুঠ বিনিয়োগৰ পৰিমাণ ৬ বিলিয়ন ব্ৰিটিছ পাউণ্ডৰো অধিক। শেহতীয়া কাশ্বকাই বাহনসমূহত সকলো সুবিধা উপলব্ধ হোৱাকৈ নিছানে চাণ্ডাৰলেণ্ডত নিজৰ ইভি৩৬জিৰো ভিজনক বিকশিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে, যি হৈছে স্বয়ংচালিত উৎপাদনৰ ভৱিষ্যতৰ বাবে এক ব্লুপ্ৰিণ্ট, যাৰ জৰিয়তে বৈদ্যুতিক বাহন নিৰ্মাণ আৰু বেটাৰী উৎপাদনক একত্ৰিত কৰা হৈছে, যিসমূহ নৱীকৰণযোগ্য শক্তিৰ দ্বাৰা চালিত। ইউকেত উত্পাদন হৈ থকা প্ৰকল্পটোৰ বিষয়ে নিছানৰ উপাধ্য়ক্ষ আদাম পেনিকে কয় যে, “চাণ্ডাৰলেণ্ড প্ৰকল্পটোক কাশ্বকাইৰ ঠিকনা বুলি পৰিচয় দিবলৈ পাই আমি যথেষ্ট আনন্দিত।”

ছাণ্ডাৰলেণ্ড প্লাণ্টে ২০২৪ বৰ্ষত মুকলি কৰা কাশ্বকাই বাহনসমূহৰ বাবে যথেষ্ট পৰিৱৰ্তন কৰিছে, ইয়াত নতুন পেনেল, বাম্পাৰ, পেইণ্টৰ ৰং, অভ্যন্তৰীণ বৈশিষ্ট্য, সামগ্ৰী আৰু ট্ৰিমত বিনিয়োগ কৰি ন ৰূপ দিয়া হৈছে। উন্নত চালক সহায়ক চিষ্টেম আৰু নিছান কানেক্ট ইনফ’টেইনমেণ্টত গুগলৰ সংহতি(ইণ্টিগ্ৰেচন)কে ধৰি নিউ কাশ্বকাইৰ উন্নত প্ৰযুক্তিয়ে গ্ৰাহকৰ ডিজিটেল জীৱন আৰু বাহনৰ মাজত নিৰৱচ্ছিন্ন পাৰস্পৰিক ক্ৰিয়া-কলাপ সক্ষম কৰি তোলে, যাৰ বাবে গ্ৰাহকৰ  সামগ্ৰিক অভিজ্ঞতা বৃদ্ধি পায়।