গেলেক্সি এফ৫৫ ৫জি মুকলি কৰাৰ কথা ঘোষণা চেমচাঙৰ

104

ভাৰতৰ সৰ্ববৃহৎ গ্ৰাহক ইলেক্ট্ৰনিকছ ব্ৰেণ্ড চেমচাঙে আগবঢ়াইছে সবাতোকৈ প্ৰিমিয়াম গেলেক্সি এফ ছিৰিজৰ স্মাৰ্টফোন গেলেক্সি এফ ৫৫ ৫জি। গেলেক্সি এফ৫৫ ৫ জি ফোনৰ চিকচিকিয়া আৰু ষ্টাইলিছ নান্দনিকতাৰ লগতে প্ৰিমিয়াম ভেগান লেডাৰ ফিনিচিং বেক পেনেলে সকলোৰে মাজত জাকতজিলিকা ডিভাইচ কৰি তুলিছে। চেমচাং গেলেক্সি এফ৫৫ ৫ জি হৈছে প্ৰথমবাৰৰ বাবে এফ ছিৰিজত মুকলি কৰা ভেগান লেডাৰ ডিজাইনৰ স্মাৰ্টফোন। এই ফোনটোত ছুপাৰ এমল্ড+ ডিছপ্লে, শক্তিশালী স্নেপড্ৰেগন ৭ জেন১ প্ৰচেছৰ, ৪৫ডব্লিউ ছুপাৰ-ফাষ্ট চাৰ্জিং, ৪টা এণ্ড্ৰইড উন্নীতকৰণ আৰু ৫ বছৰৰ ছিকিউৰিটী আপডেট, ব্যৱহাৰকাৰীসকলক শেহতীয়া সুবিধাসমূহ প্ৰদান কৰা হৈছে।

গেলেক্সি এফ৫৫ ৫জি হৈছে এটা চিকচিকীয়া, ক্লাছি ভেগান লেডাৰৰ স্মাৰ্টফোন, য’ত আছে এক অনন্য চেড’ল ষ্টিচ পেটান আৰু গল্ডেন কেমেৰা ডেকো। বৰ্তমান এই ফোনটো এপ্ৰিকোট ক্ৰাছ আৰু কিচমিচ ব্লেক ৰঙত উপলব্ধ। ৬.৭” ফুল এইছডি+ ছুপাৰ এমল্ড+ ডিছপ্লেই আকৰ্ষণীয় ভিজুৱেল আৰু অধিক উজ্বলতা আৰু ভিজন বুষ্টাৰ প্ৰযুক্তিৰ ১,০০০ নিটেৰে এক উচ্চ দৰ্শন অভিজ্ঞতা প্ৰদান কৰে।

গেলেক্সি এফ৫৫ ৫জি স্মাৰ্টফোনটোৰ ওজন মাত্ৰ ১৮০ গ্ৰাম আৰু ইয়াৰ প্ৰস্থ ৭.৮ এমএম। গেলেক্সি এফ৫৫ ৫জিত শক্তিশালী ৪এনএম কোৱালকম স্নেপড্ৰেগন ৭ জেন১ প্ৰচেছৰ প্ৰদান কৰা হৈছে, যিয়ে নিৰৱচ্ছিন্ন মাল্টিটাস্কিং আৰু ৫জি সংযোগ প্ৰদান কৰে। ইয়াত হাই ৰিজ’ল্যুচন ভিডিঅ’ আৰু ফটোৰ বাবে ৫০ মেগা পিক্সেল ন’ শ্বেক কেমেৰা সন্নিৱিষ্ট কৰা হৈছে। এই বিষয়ে চেমচাং ইণ্ডিয়াৰ এমএক্স বিভাগৰ জ্যেষ্ঠ উপাধ্যক্ষ ৰাজু পুলানে কয় যে, “গেলেক্সি এফ৫৫ ৫জিৰ জৰিয়তে চেমচাঙে এফ ছিৰিজত প্ৰথমবাৰৰ বাবে চেডেল ষ্টিচ পেটাৰ্নৰ সৈতে এক ক্লাছি ভেগান লেডাৰ ডিজাইন আগবঢ়াইছে।”