#ভূমিনমস্কাৰ অভিযানৰ বাবে গড্ৰেজ ইণ্ডাষ্ট্ৰিজ গ্ৰুপ আৰু ভামলা ফাউণ্ডেচনৰ সহযোগিতা

২০২৪ বৰ্ষৰ বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি ভামলা ফাউণ্ডেশ্যনৰ সৈতে সহযোগিতা কৰি গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে #ভূমিনমস্কাৰ অভিযান আৰম্ভ কৰিছে। মুম্বাইৰ জামনাবাই নাৰ্চী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ত গছপুলি ৰোপণ অভিযানৰ জৰিয়তে শুভাৰম্ভ কৰা এই পদক্ষেপৰ জৰিয়তে অহা ছমাহৰ ভিতৰত মুম্বাইৰ বিভিন্ন বিদ্যালয়ত ১০,০০০ গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। ৰাষ্ট্ৰসংঘৰ “প্ৰজন্ম পুনৰুদ্ধাৰ” শীৰ্ষক বিষয়বস্তুৰ সৈতে সংগতি ৰাখি #ভূমিনমস্কাৰে বহনক্ষম ভৱিষ্যতৰ বাবে পৃথিৱীখনক লালন-পালন কৰাৰ ক্ষেত্ৰত সামূহিক পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছে। এই পদক্ষেপে পৰিৱেশৰ তত্বাৱধানৰ জৰুৰী প্ৰয়োজনীয়তাক অনুৰণিত কৰি ভূমিৰ অৱক্ষয় বা ভূমিস্খলন, নিৰ্বনানীকৰণ আৰু খৰাং পৰিস্থিতিৰ সৈতে যুঁজিবলৈ বা ব্যৱস্থা ল’বলৈ প্ৰয়াস কৰিছে।

এই গছপুলি ৰোপণৰ উন্মোচনী অনুষ্ঠানত অম্ৰুতা ফাড়নৱিশ, জয়ৰাজ থাকেৰ, কৰন কুন্দ্ৰা, ঈশা দেওল, জেকী শ্ৰফৰ দৰে তাৰকাৰ লগতে কেইবাজনো বিশিষ্ট-প্ৰভাৱশালী ব্যক্তিয়ে অংশগ্ৰহণ কৰে, এইসকল তাৰকাৰ অংশগ্ৰহণে পৰিৱেশ দায়বদ্ধতাৰ বাৰ্তা অধিক বৃদ্ধি কৰিলে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, মহাৰাষ্ট্ৰ বন বিভাগ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ দৰে ঐতিহ্যমণ্ডিত সংস্থাসমূহৰ সহযোগিতাত #ভূমিনমস্কাৰে সহযোগিতামূলক প্ৰচেষ্টাৰ জৰিয়তে পৰিৱেশ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ বিশ্বব্যাপী তাৎপৰ্যৰ ওপৰত আলোকপাত কৰিছে। গড্ৰেজ এগ্ৰ’ভেটৰ কাৰ্যবাহী সঞ্চালক বুৰ্জিছ গড্ৰেজে সেউজ পৰিৱেশৰ প্ৰতি দৃঢ় দায়বদ্ধতা প্ৰকাশ কৰি বহনক্ষম ভৱিষ্যতৰ পথ প্ৰশস্ত কৰাত সামূহিক পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

ভামলা ফাউণ্ডেচনৰ অধ্যক্ষ আচিফ ভামলাই পূৰ্বৰ লোকচান বা আঁসোৱাহসমূহ সংশোধনৰ বাবে সামগ্ৰিক ৰাজহুৱা পাৰিপাৰ্শ্বিক পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই কেম্পেইনৰ বিষয়বস্তুৰ সাংস্কৃতিক তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। দিব্যাজ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক অম্ৰুতা ফাড়নৱিশে পৰিৱেশ পুনৰুদ্ধাৰৰ এক শক্তিশালী সঁজুলি হিচাপে গছপুলি ৰোপণৰ পদক্ষেপক উচ্চ প্ৰশংসা কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *