২০২৭ বিত্তীয় বৰ্ষৰ ভিতৰত জাপানত অটনমাছ-ড্ৰাইভ মবিলিটী সেৱাৰ বাণিজ্যিকীকৰণ কৰিব নিছানে

নিছান মটৰ কোম্পানী লিমিটেডে ২০২৭ বিত্তীয় বৰ্ষৰ ভিতৰত জাপানত অটনমাছ-ড্ৰাইভ(স্বয়ংক্ৰিয় চালনা)ৰ মবিলিটী চাৰ্ভিছ(গতিশীলতা সেৱা)ৰ বাণিজ্যিকীকৰণৰ পৰিকল্পনাৰ কথা সদৰি কৰিছে। এয়া হৈছে নিছানৰ দীৰ্ঘম্যাদী দৃষ্টিভংগী, ২০৩০ৰ ভিতৰত যাতে নিছান উচ্চাকাংক্ষা পূৰণ কৰিব পাৰে। এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে স্থানীয় সম্প্ৰদায় বা মানুহবোৰে সন্মুখীন হোৱা পৰিবহন সেৱাৰ সমস্যা-প্ৰত্যাহ্বানসমূহ সমাধান কৰি গতিশীলতা শক্তিশালী কৰি তোলা।

নিচানে ২০২৭*২ বিত্তীয় বৰ্ষত অটনমাছ-ড্ৰাইভ গতিশীলতা সেৱা আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে, ইয়াৰ বাবে স্থানীয় কৰ্তৃপক্ষ আৰু পৰিবহন অপাৰেটৰৰ দৰে তৃতীয় পক্ষৰ সৈতেও একেলগে কাম কৰিছে। ২০২৪ বিত্তীয় বৰ্ষত মিনাটো মিৰাই অঞ্চলত এই সেৱাৰ ট্ৰায়েল(পৰীক্ষণ) আৰম্ভ কৰিব আৰু পিছৰ বিত্তীয় বৰ্ষত ট্ৰায়েল বৃদ্ধি কৰিব প্ৰতিষ্ঠানটোৱে। জাপানৰ অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়, ভূমি, আন্তঃগাঁথনি, পৰিবহণ আৰু পৰ্যটন মন্ত্ৰালয় আৰু অন্যান্য কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ঘনিষ্ঠ সহযোগিতাৰে এই পদক্ষেপৰ প্ৰচাৰ-প্ৰসাৰ কৰা হ’ব।

এই পদক্ষেপৰ অংশ ৰূপে আগন্তুক সময়ছোৱাত ২০২৪ বিত্তীয় বৰ্ষতে মিনাটো মিৰাই অঞ্চলত ড্ৰাইভিং পৰীক্ষণ, ২০২৫ৰ পৰা ২০২৬ বিত্তীয় বৰ্ষলৈকে য়কহমা অঞ্চলত সেৱা প্ৰদৰ্শন পৰীক্ষা(চাৰ্ভিছ ডেমনষ্ট্ৰেচন টেষ্ট) আৰু ২০২৭ বিত্তীয় বৰ্শৰ ভিতৰত ১০টা গ্ৰামাঞ্চল আৰু তিনিৰ পৰা চাৰিখন পৌৰসভাত সেৱা প্ৰদান আৰম্ভ কৰাৰ লক্ষ্য লোৱা হৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *