কৰেল আইৱেৰৰ সৈতে নতুন অংশীদাৰিত্ব গঢ়ি তুলিছে নিছান ফৰ্মুলা ই টীমে

নিছান ফৰ্মুলা ই টীমে বহু বছৰীয়া চুক্তি স্বাক্ষৰ কৰি ছানগ্লাছ আৰু এপাৰেল প্ৰতিষ্ঠান কৰেল আইৱেৰৰ সৈতে অংশীদাৰিত্ব কৰিছে। কৰেল চশমাৰে পুনঃব্যৱহৃত প্লাষ্টিক আৰু প্লাণ্ট-ভিত্তিক সামগ্ৰী ব্যৱহাৰ কৰি প্ৰস্তুত কৰা সুকীয়া সামগ্ৰীসমূহ সমগ্ৰ ২০২৩/২৪ বৰ্ষৰ কেম্পেইন আৰু তাৰ পিছৰ সময়ছোৱাত নিছান ফৰ্মুলা ই টীমৰ সকলো সদস্যকে যোগান ধৰা হ’ব। দুয়োটা অংশীদাৰ প্ৰতিষ্ঠানে পুনঃব্যৱহৃত পলিয়েষ্টাৰ আৰু বাঁহৰ দৰে পৰিৱেশ অনুকূল সামগ্ৰী ব্যৱহাৰ কৰি সেউজ ফেশ্বন প্ৰচাৰৰ এক অভিযান ভাগ-বতৰা কৰিছে।

মাৰ্কে অহা মাৰ্চ মাহৰ শেষত টকিঅ’ ই-প্ৰিক্সৰ পূৰ্বে টীমৰ ৰং সলনি কৰাৰ লগতে নতুন লগ’ৰে সজোৱা বিশেষ সংস্কৰণ নিছান ফৰ্মুলা ই দলৰ চানগ্লাছ মুকলি কৰিব। সহ-প্ৰতিষ্ঠাপক জৰ্জ বেইলীয়ে ২০২৪ চনত সহযোগিতাৰে দুয়োটা প্ৰতিষ্ঠানে অংশীদাৰিত্ব কৰি টকিঅ’ ই-প্ৰিক্সৰ চিজন ১০ত চানগ্লাছ প্ৰদৰ্শন আৰু মুকলি কৰাৰ আশা প্ৰকাশ কৰি উত্সাহ প্ৰকাশ কৰিছে।

দুয়োটা ব্ৰেণ্ডে সদায়ে বহনক্ষমতাৰ প্ৰতি দায়বদ্ধ আৰু গুণগত মানৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে। এই সহযোগিতাই জাপানী স্কোৱাড আৰু ইয়াৰ ড্ৰাইভাৰ অলিভাৰ ৰ’লেণ্ড আৰু চাচা ফেনেষ্ট্ৰাজে এবিবি এফআইএ ফৰ্মুলা ই বিশ্ব চেম্পিয়নশ্বিপ হোৱাৰ লগে সগে সৃষ্টি হোৱা এক্সপ’জাৰে বিশ্বজুৰি বহনক্ষম ফেশ্বনৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে সহযোগিতা কৰিব। ২০১৯ চনত প্ৰতিষ্ঠা হোৱা কৰেল আইৱেৰৰ লক্ষ্য হৈছে পুনঃব্যৱহৃত আৰু প্লাণ্ট-ভিত্তিক উৎপাদন পদ্ধতি ব্যৱহাৰ কৰি ষ্টাইলিছ আৰু বিলাসী চশমা প্ৰদান কৰা। কৰেল আইৱেৰ হৈছে চশমাত ইক’নিল® পুনৰুত্পাদিত(ৰিজেনেৰেটেড) নাইলন ব্যৱহাৰ কৰা প্ৰথমটো ব্ৰিটিছ ব্ৰেণ্ড, যিয়ে প্ৰতি ১০,০০০ টন কেঁচামালৰ বিপৰীতে ৬৫,১০০ টন কাৰ্ন ডাই অক্সাইড নিৰ্গমন ৰোধ কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *