চণ্ডিগড় বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি চতুৰ্থটো পদক লাভ

চণ্ডিগড় বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি গুৱাহাটীত চলি থকা চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত অংশ লোৱা অসম কন্যা উত্তৰা গগৈয়ে আজি তিনিটা পদক লাভ কৰিবলৈ সক্ষম হয়৷ কালি মহিলাৰ ৫০ মিটাৰ ৱাটাৰফ্লাইত ব্ৰঞ্জৰ পদক অৰ্জন কৰা উত্তৰাই আজি মহিলাৰ ২০০ মিটাৰ ৱাটাৰফ্লাইত ৰূপ লাভ কৰাৰ লগতে ১০০ মিটাৰ ৱাটাৰফ্লাইত ব্ৰঞ্জ আৰু ১০০ মিটাৰ মিডলে ৰীলেত ৰূপৰ পদক লাভ কৰে৷

২০০ মিটাৰ ৱাটাৰফ্লাইত দুই মিনিট ৩৩.০৭ ছেকেণ্ড সময়ৰে দ্বিতীয় স্থানত থকা উত্তৰাই ইয়াৰ পাছতে হোৱা ১০০ মিটাৰ ৱাটাৰফ্লাইত এক মিনিট ঙ্ম.জ্জ ছেকেণ্ড সময়ৰে ব্ৰঞ্জ পায়৷ আনহাতে, চণ্ডিগড় বিশ্ববিদ্যালয়ৰ মহিলা দলে ১০০ মিটাৰ মিডলে ৰীলেত চাৰি মিনিট ৫২.১২ ছেকেণ্ড সময়ৰে ৰূপৰ পদক লাভ কৰে৷ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ডাঃ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত অনুষ্ঠিত প্ৰতিযোগিতাত অসম কন্যা উত্তৰাই চণ্ডিগড় বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি কালি মহিলাৰ ৫০ মিটাৰ ৱাটাৰফ্লাইত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল৷

২৯.৮১ ছেকেণ্ড সময়ৰে তৃতীয় স্থান অৰ্জন কৰে উত্তৰাই৷ উল্লেখ্য যে যোৱা বছৰ উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা তৃতীয় খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছতো উত্তৰাই চমকপ্ৰদ প্ৰদৰ্শন কৰি মুঠ চাৰিটা পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷ যোৱা বছৰ দিল্লী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰা অসম কন্যা উত্তৰাই মহিলাৰ ৫০, ১০০ আৰু ২০০ মিটাৰ ৱাটাৰফ্লাইত ৰূপৰ লাভ কৰাৰ লগতে ২০০ মিটাৰৰ ফ্ৰী ষ্টাইল ৰীলে শাখাতো ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *