লুমিনাছ পাৱাৰ টেকন’লজিছে প্ৰৌজ্বল কৰিছে উঃ-পূববাসীৰ জীৱন, প্ৰশস্ত কৰিছে এক বহনক্ষম ভৱিষ্যতৰ

দেশৰ উত্তৰ-পূৰ্বাঞ্চলত সেউজ শক্তি বিপ্লৱৰ সূচনা কৰিছে লুমিনাছ পাৱাৰ টেকন’লজিছে। শেহতীয়াকৈ ৰাজ্যখনৰ শিলচৰত এটা বিস্তৃত গুদাম(ৱেৰহাউচ) উদ্বোধন কৰাৰ লগতে গুৱাহাটীত এখন সফল ডিলাৰ মিটৰ আয়োজন কৰি অঞ্চলটোৰ শক্তিৰ পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত কোম্পানীটোৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিছিল।

গুৱাহাটীত অনুষ্ঠিত ডিলাৰ মিটত ডিলাৰৰ লগতে বিতৰক, এই উদ্যোগৰে জড়িত বিশেষজ্ঞকে ধৰি প্ৰধান অংশীদাৰসকলে সৌৰ সমাধান গ্ৰহণৰ ওপৰত বিতংভাৱে বাৰ্তালাপ কৰিবলৈ আহ্বান জনায়। এনাৰ্জি চল্যুচনৰ জ্যেষ্ঠ উপাধ্যক্ষ আৰু ব্যৱসায়িক মুৰব্বী অমিত শুক্লাই উদ্ভাৱন আৰু বহনক্ষমতাৰ প্ৰতি লুমিনাছৰ সমৰ্পণৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। আৰম্ভণিৰে পৰা কোম্পানীটোৱে আৱাসিক, বাণিজ্যিক আৰু উদ্যোগিক খণ্ডৰ বাবে বিস্তৃত সৌৰ সমাধান(চলাৰ চল্যুচন) প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে, ইয়াক বিতৰক আৰু ডিলাৰৰ সম্প্ৰসাৰিত নেটৱৰ্কৰ দ্বাৰা শক্তিশালী কৰি তোলা হৈছে।

শিলচৰৰ নতুন ৱেৰহাউচে লুমিনাছৰ লজিষ্টিক ক্ষমতা বৃদ্ধি কৰিছে, যাৰ ফলত সামগ্ৰীৰ উপযুক্তভাৱে সংৰক্ষণ, পৰিচালনা আৰু পৰিবহণ নিশ্চিত হৈ পৰিছে। ইন-হাউছ আৰ এণ্ড ডি আৰু উৎপাদন সুবিধাসমূহ আগবঢ়াই লুমিনাছে নিজৰ সমগ্ৰ প্ৰডাক্ট ৰেঞ্জত গুণগত মান আৰু নিৰ্ভৰযোগ্যতাৰ নিশ্চয়তা প্ৰদান কৰি আহিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *