মুখপত্ৰ “সেতু” সহ চাৰিখন গ্ৰন্থ উন্মোচন

অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা নুনমাটি সাহিত্য সভা (শতদল) ৰ আজি একাদশ বিশেষ বাৰ্ষিক অধিবেশনখনি বৃহত্তৰ শালবাৰী কেন্দ্ৰীয় উন্নয়ন সমিতিৰ সহযোগত বৃহত্তৰ শালবাৰী সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা মন্দিৰ প্ৰাংগণত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় । পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখা সভাৰ সভাপতি ড০ যাদৱ চন্দ্ৰ কলিতাই, স্মৃতি তৰ্পণ কৰে আদৰণি সমিতিৰ সভাপতি ফণীধৰ দাসে । ইয়াৰ পিছতে বিদ্যাৰ্থী সকলৰ মাজত চিত্ৰাংকণ আৰু অসমীয়া কবিতা আবৃত্তি প্ৰতিযোগীতা অনুষ্ঠিত কৰে । বিয়লি  শাখা সাহিত্য সভাৰ সভাপতি ড০ যাদৱ চন্দ্ৰ কলিতাৰ পৌৰহিত্যত  মুকলি সভা আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত  অনুষ্ঠিত হয় । সভাৰ উদ্দেশ্যে, বিগত বৰ্ষৰ প্ৰতিবেদন পাঠ কৰে শাখা সভাৰ সম্পাদক এগৰাজ ছেত্ৰীয়ে ।

আদৰণি ভাষণ দিয়ে আদৰণি সমিতিৰ সভাপতি ফণীধৰ দাসে । ইয়াৰ পিছতে  সভাত চন্দ্ৰকান্ত দাস সম্পাদিত সভাৰ মুখপত্ৰ “সেতু”, প্ৰদীপ কুমাৰ শৰ্মাৰ প্ৰবন্ধ সংকলন “আধ্যাত্মিক চিন্তা-চেতনা প্ৰৱাহ”, মনোমতী দাসৰ গল্প সংকলন ” পিটনিৰ পদুম” আৰু ড০ সবিতা  মজুমদাৰ কলিতাৰ কবিতা সংকলন “সোণপৰুৱাৰ এধানি আকাশ” সমূহীয়া ভাৱে মাংগলিক ধ্বনি, উৰুলিৰে শুভ উন্মোচন কৰা হয় । সভাত বিশিষ্ট অতিথি হিচাপে সাহিত্য অকাডেমি  বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰা, সৰ্বভাৰতীয় কথা বঁটা প্ৰাপক জয়ন্ত কুমাৰ চক্ৰৱৰ্তী, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক “সাহিত্য কোঁৱৰ” কমল কলিতা, সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্যদ্বয় ৰত্নেশ্বৰ বসুমতাৰী, দীপক শৰ্মা হিচাপে অংশ লয় ।

সভাত নুনমাটি সাহিত্য সভাৰ প্ৰাক্তন সভাপতিত্ৰয় প্ৰদীপ কুমাৰ শৰ্মা, নৃপেন্দ্ৰ নাথ কাকতি, নৰেন ৰয়, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি হৰেশ্বৰ ডেকা, সভাৰ উপ-সভাপতি লোকনাথ বৰুৱা, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ডেকাই সন্মানীয় অতিথি হিচাপে অংশ লোৱা সভাত ২০২২ বৰ্ষৰ অসম লোকসেৱা আয়োগত উত্তীৰ্ণ ডিম্পল কুমাৰ মোৰল, “অসম গৌৰৱ” বঁটা প্ৰাপক  কল্যাণী ৰাজবংশী, জ্যেষ্ঠ নাগৰিকদ্বয় ভাৱিলাল শৰ্মা, গিৰিশ লহকৰ, বিদেশত ভাৰতৰ হৈ পাঁচবাৰকৈ সমৰ কলাত শ্ৰেষ্ঠতম হোৱা ড০ কে. বিশ্বম  সিং, আদৰণি সমিতিৰ উপ-সভাপতিদ্বয়  অশোক চন্দ্ৰ তালুকদাৰ, হিকমত আলীয়ে বিশিষ্ট আলহি হিচাপে অংশ লয় । সভাতেই নুনমাটি সাহিত্য সভাৰ তৰফৰ পৰা সাংবাদিক জয়ন্ত দাস আৰু যুৱ ব্যৱসায়ি দেবেন্দ্ৰ পাটগিৰিক ফুলাম গামোছা, ফুলাম জাপি, শৰাই, অভিনন্দন পত্ৰৰে বিশেষ ভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *