ভিআই বিজনেছে আৰম্ভ কৰিছে আইঅ’টি স্মাৰ্ট চেণ্ট্ৰেল 

ভাৰতৰ আগশাৰীৰ টেলিকম আৰু আইঅ’টি প্ৰতিষ্ঠান ভিআই বিজনেছে মুকলি কৰিছে ভিআই বিজনেছ আইঅটি স্মাৰ্ট চেণ্ট্ৰেল, যি হৈছে এক সম্পূৰ্ণ সংহত, স্ব-যত্নৰ আইঅ’টি সংযোগ আৰু ডিভাইচ ব্যৱস্থাপনা প্লেটফৰ্ম। নতুনকৈ মুকলি কৰা এই ভিআই বিজনেছ আইঅ’টি স্মাৰ্ট চেণ্ট্ৰেল প্লেটফৰ্মে উদ্যোগসমূহক বাস্তৱ-সময়ৰ আধাৰত দূৰৱৰ্তীভাৱে আইঅ’টি সম্পদ নিয়ন্ত্ৰণ, নিৰীক্ষণ আৰু পৰিচালনা কৰাৰ ক্ষমতা প্ৰদান কৰে।

ভিআই বিজনেছ আইঅ’টি স্মাৰ্ট চেণ্ট্ৰেলে আইঅ’টি সম্পদৰ এক বিস্তৃত দৃষ্টিভংগী আগবঢ়ায়, যাৰ দ্বাৰা উদ্যোগসমূহক অটোম’বাইল, বেংক আৰু ইউটিলিটিৰ দৰে বিভিন্ন উদ্যোগত চিম জীৱনচক্ৰ(লাইফচাইকেল)সমূহ দূৰৈৰ পৰা পৰিচালনাৰ অনুমতি দিয়ে আৰু নিয়ন্ত্ৰণ কৰিব পাৰে। মিছন-ক্ৰিটিকেল ইছ্যু(জটিল সমস্যা)সমূহৰ উপেক্ষা বা ত্ৰুটি প্ৰতিহত কৰিবলৈ সক্ৰিয় সতৰ্কবাণীৰ সৈতেৰ জৰিয়তে ভিআই বিজনেছ আইঅ’টি বিজনেছ আইঅ’টি স্মাৰ্ট চেণ্ট্ৰেলে আইঅ’টি ডিভাইচসমূহৰ বাবে বাস্তৱ-সময়ৰ নিদান আৰু দূৰৱৰ্তী সমস্যাসমূহ সমাধান প্ৰদান কৰে। উন্নত বিশ্লেষণ ব্যৱহাৰ কৰি ব্যৱহাৰৰ আৰ্হিৰ ওপৰত ভিত্তি কৰি এক গতিশীল বিলিং মডেল আৰু অনুকূলিত হাৰত পৰিকল্পনাসমূহ আগবঢ়ায়।

এই বিষয়ে ভোডাফোন আইডিয়াৰ ইভিপি তথা আইঅ’টি বিজনেছৰ মুৰব্বী অমিত সতপথিয়ে কয় যে, “ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া আৰু আইঅ’টি চেণ্টাৰ অৱ এক্সেলেন্স বা উত্কৰ্ষতাৰ কেন্দ্ৰ(চিঅ’ই)ৰ দৰে পদক্ষেপসমূহে দেশত আইঅ’টি গ্ৰহণৰ ক্ষেত্ৰত আৰু অধিক সহায় কৰি বৃদ্ধি কৰিব।”ভিআই বিজনেছ আইঅ’টি স্মাৰ্ট চেণ্ট্ৰেলে ফলপ্ৰসূ ডাউনটাইম হ্ৰাস কৰিবলৈ আৰু প্ৰযুক্তিগত দক্ষতা উন্নত কৰিবলৈ ভৱিষ্যদ্বাণীমূলক তত্বাৱধান সেৱাসমূহ আগবঢ়ায়। ই গ্ৰাহককলক প্ৰশ্ন, অনুৰোধ আৰু অভিযোগ উত্থাপন আৰু ট্ৰেক কৰাৰ অনুমতি দিয়াৰ লগতে ৪৮ ঘণ্টাৰ ভিতৰত দ্ৰুত সমাধান নিশ্চিত কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *