টাটা মটৰ্ছৰ নতুন চিএইচআৰঅ’ সীতাৰাম কান্দি 

টাটা মটৰ্ছে সীতাৰাম কান্দিক মুখ্য মানৱ সম্পদ বিষয়া (চিএইচআৰঅ’) হিচাপে নিযুক্তি দিছে, ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই দায়িত্বভাৰ। কান্দিয়ে ৰবীন্দ্ৰ কুমাৰ জি.পিৰ স্থানত দায়িত্ব গ্ৰহণ কৰিব, যিজনে ২০১৮ চনৰ পৰা চিএইচআৰঅ’ৰ দায়িত্বত আছে আৰু টাটা গ্ৰুপৰ ভিতৰত এক নতুন ভূমিকাত অৱতীৰ্ণ হ’ব।

এজন এইচআৰ প্ৰফছনেল হিচাপে ৩০ বছৰৰ অভিজ্ঞতাসম্পন্ন চিম্বায়চিছ ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডিজৰ প্ৰাক্তন ছাত্ৰ কান্দিয়ে বস্ক, মনচেণ্টো আৰু জেনেৰেল ইলেক্ট্ৰিকৰ দৰে গ্লবেল কোম্পানীৰ সৈতেও কাম কৰিছে। সীতাৰাম কান্দিয়ে টাটা মটৰ্ছৰ কাৰ্যনিৰ্বাহক সমিতিত নিজৰ নতুন দায়িত্ব পালন কৰি প্ৰতিষ্ঠানটোক আগুৱাই নিব।

বৰ্তমানৰ নতুন ভূমিকাত কান্দিয়ে টাটা মটৰ্ছৰ যাত্ৰীবাহী বাহন আৰু বৈদ্যুতিক বাহন ব্যৱসায়ৰ বাবে মানৱ সম্পদৰ মুৰব্বী আৰু টাটা মটৰ্চৰ বাবে কৰ্মচাৰী সম্পৰ্ক আৰু দক্ষতা নিৰ্মাণ(স্কিল বিল্ডিং) খণ্ডক নেতৃত্ব দিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *