ইউক্ৰেইনৰ যুদ্ধবন্দী কঢ়িয়াই নিয়া ৰাছিয়াৰ সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত, ৬৫ জনৰ মৃত্যু

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অব্যাহত থকা যুদ্ধ পৰিস্থিতিৰ মাজতে ইউক্ৰেইনৰ সীমান্তৱৰ্তী বেলগোৰডত ভূ-পতিত হয় ইউক্ৰেইনী যুদ্ধবন্ধী কঢ়িয়াই নিয়া ৰাছিয়াৰ এখন সামৰিক বিমান। এই দুৰ্ঘটনাত ইউক্ৰেইনৰ যুদ্ধবন্দী, ক্ৰু মেম্বাৰ আৰু পাইলটসহ ৬৫ জন লোকৰ মৃত্যু ঘটে।

ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা আৰ আই এয়ে ৰাষ্ট্ৰখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্ধৃতি দি কয় যে ইউক্ৰেইনৰ এই যুদ্ধবন্দীসকলক বন্দী বিনিময়ৰ অধীনত ইউক্ৰেইনলৈ নি থকাৰ সময়তে আকাশ মাৰ্গত বিমানখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় পাইলটে। পৰিণতিত তীব্ৰ গতিত ভূ-পতিত হয় আই এল-৭৬ সামৰিক বিমানখন।

দুৰ্ঘটনাৰ সময়ত বিমানখনত ৬৫ গৰাকী যুদ্ধবন্দীৰ উপৰিও ৬ জন ক্ৰু মেম্বাৰ আৰু আন তিনিগৰাকী সামৰিক সদস্যও উপস্থিত আছিল। ইফালে, দূৰৰ পৰা কেমেৰাত বন্দী কৰা এই দুৰ্ঘটনাৰ এটা ভিডিঅ’ও পোহৰলৈ আহিছে। য’ত সামৰিক বিমানখন তীব্ৰগতিত আকাশমাৰ্গৰ পৰা তললৈ নামি অহা দেখিবলৈ পোৱা গৈছে।

বিভিন্ন সংবাদ মাধ্যমৰ মতে, বিমানখন থকা আটাইকেইজন লোকৰ এই দুৰ্ঘটনাত মৃত্যু ঘটিছে। মস্কোৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, সামৰিক বিমানখে পুৱা ১১ বজাত মস্কোৰ পৰা উৰা মাৰিছিল। আনহাতে ৰাছিয়াই এই বিমানখনত ইউক্ৰেনীয়ান যুদ্ধবন্দীক কঢ়িয়াই নিয়া বুলি সদৰী কৰিলেও সংবাদ সংস্থা এ এফ পিৰ মতে, বিমানখনৰ জৰিয়তে এছ-৩০০ ছাৰ্ফেচ-এয়াৰ ডিফেন্স চিষ্টেমৰ বাবে মিছাইলহে কঢ়িয়াই নিয়া হৈছিল।

উল্লেখ্য যে, বিগত ২৩ মাহৰো অধিক সময় ধৰি অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ। দুয়োখন ৰাষ্ট্ৰৰ বহু নাগৰিক আৰু সেনা যুদ্ধ বন্দী হৈ আছে। যাৰ বাবে সময়ে সময়ে ৰাষ্ট্ৰ দুখনৰ মাজত বন্দী বিনিময় সম্পন্ন হৈ আহিছে। কিন্তু ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ ৪৮সংখ্যক বন্দী বিনিময়ৰ সময়তে সংঘটিত হয় বিমান দুৰ্ঘটনাটো।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *