গুৱাহাটীত পেডিয়াট্ৰিক কাৰ্ডিয়াক কেয়াৰ কেম্পৰ আয়োজন ৰেইনব’ চিলড্ৰেনছ হাৰ্ট ইনষ্টিটিউট আৰু আয়ুৰচন্দ্ৰা হাস্পতালৰ

অসম তথা উঃ-পূবৰ শিশুৰ হৃদৰোগ জটিল চিকিৎসাৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাসমূহ পূৰণৰ বাবে সহযোগিতামূলক প্ৰয়াস ৰূপে ৰেইনব’ চিলড্ৰেনছ হাৰ্ট ইনষ্টিটিউট আৰু আয়ুৰচন্দ্ৰা হাস্পতালে গুৱাহাটীৰ শিশুসকলৰ কল্যাণৰ বাবে এক বিশেষ চিকিৎসা শিবিৰৰ আয়োজন কৰিবলৈ সাজু হৈছে। ৰেইনব’ চিলড্ৰেনছ হাৰ্ট ইনষ্টিটিউটৰ মুখ্য হৃদৰোগ বিশেষজ্ঞ সন্মানীয় ডাঃ কনেটি নাগেশ্বৰ ৰাওৰ নেতৃত্বত আয়োজিত হ’ব লগা এই শিবিৰৰ লক্ষ্য হৈছে জন্মগতভাৱে হৃদৰোগত আক্ৰান্ত কণ কণ ৰোগীসকলক শিশুৰ হৃদৰোগৰে জড়িত সকলো ধৰণৰ যত্ন বা চিকিত্সাৰ সমাধান প্ৰদান কৰা।
৩০ বছৰৰো অধিক অভিজ্ঞতাসম্পন্ন শিশু কাৰ্ডিঅ’লজীৰ বিশেষজ্ঞ ডাঃ ৰাওৰ এই ক্ষেত্ৰখনলৈ যুগান্তকাৰী অৱদান-কোনাৰ-এমএফ মাল্টিফাংচনেল অক্লুডাৰৰ উদ্ভাৱনৰ বাবে প্ৰখ্যাত। এই অভিনৱ সঁজুলিৰ জৰিয়তে বিশ্বজুৰি কম বয়সীয়া ৰোগীৰ হৃদৰোগৰ সমস্যা সমাধানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ আহিলাত পৰিণত হৈছে। এই সহযোগিতাৰ বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি ডাঃ ৰাৱে মিছনৰ সাৰাংশৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, “প্ৰয়োজনীয় যুৱ হৃদয়লৈ এক আৰোগ্যমূলক স্পৰ্শ প্ৰদান কৰা, জন্মগত হৃদৰোগৰ সৈতে যুঁজি থকা পৰিয়ালবোৰৰ সমস্যা সমাধান কৰা।”
২৪ জানুৱাৰীত পুৱা ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’বলগীয়া পেডিয়াট্ৰিক কাৰ্ডিয়াক কেম্প(শিশু হৃদৰোগ শিবিৰ)ত চিকিৎসকৰ উপদেশ, বিশেষজ্ঞৰ পৰামৰ্শ লাভ আৰু উপলব্ধ চিকিৎসাৰ বিকল্পসমূহ অন্বেষণ কৰাৰ সুযোগ প্ৰদান কৰিছে। এই পদক্ষেপ বিশেষকৈ জন্মগত হৃদৰোগ(চিএইচডি), শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধা আৰু হৃদযন্ত্ৰৰ সমস্যাৰ সৈতে জড়িত লক্ষণ থকা শিশুসকলৰ বাবে গ্ৰহণ কৰা হৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *