টাটা মটৰ্ছে কিউ3এফৱাই24 ত সৰ্বাধিক বিক্ৰী ৰেকৰ্ড কৰিছে

অটোমোটিভ খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান টাটা মটৰ্ছে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত মুঠ ২৩৪,৯৮১ ইউনিট বিক্ৰী কৰি স্থিতিস্থাপকতা আৰু বজাৰত আধিপত্য প্ৰদৰ্শনেৰে বিজয়ৰ সূচনা কৰি গৰ্বিত হৈছে। বিভিন্ন বাধা অতিক্ৰম কৰি প্ৰত্যাহ্বান নেওচি এই সময়ছোৱাত কোম্পানীটোৰ কৌশলগত মনোনিৱেশ আৰু উদ্ভাৱনে নিজৰ বিক্ৰীক নতুন শিখৰলৈ গৈছে, যিয়ে পূৰ্বৰ বছৰৰ পৰিসংখ্যাক অতিক্ৰম কৰিছে।

টাটা মটৰ্ছ কমাৰ্চিয়েল ভেহিকেলছে এক সুক্ষ্ম প্ৰদৰ্শন(নোৱাঞ্চ ফাৰ্ফমেঞ্চ) কৰিবলৈ সক্ষম হৈছে, সামান্য ১% বৃদ্ধিৰে, মুঠ ৯৬,৫২৬ ইউনিট হৈছেগৈ। লক্ষণীয়ভাৱে, মজলীয়া আৰু গধুৰ বাণিজ্যিক বাহন (এম এইচ এণ্ড চিভি) খণ্ডই প্ৰশংসনীয় ~১৪% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে, ইয়াৰ কাৰণ চৰকাৰী সমৰ্থিত আন্তঃগাঁথনি প্ৰকল্প আৰু নিৰন্তৰ ই-কমাৰ্চ সম্প্ৰসাৰণ অন্যতম।এক চালিকা শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছিল যাত্ৰীবাহী বাহন খণ্ডটোৱে, ঘৰুৱা বিক্ৰীত এক উল্লেখযোগ্য ৯% বৃদ্ধি দেখা গৈছে, ২০২৩ চনৰ ডিচেম্বৰ মাহত ৪৩,৪৭০ ইউনিটত উপনীত হৈছিল। টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেডৰ পৰিচালন সঞ্চালক শৈলেশ চন্দ্ৰই পিভি উদ্যোগৰ ক্ষেত্ৰত আস্থা প্ৰকাশ কৰি চিৱাই২৩-ত নিজৰ সৰ্বাধিক বিক্ৰী হোৱাৰ ভৱিষ্যদ্বাণী কৰিছে, য’ত ৪ মিলিয়নৰ সীমা অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে।

যথেষ্ট পৰিমাণৰ বেছ ইফেক্ট(প্ৰভাৱিত ভিত্তি) আৰু ৰাজ্যিক নিৰ্বাচনে সৃষ্টি কৰা প্ৰত্যাহ্বান স্বত্বেও টাটা মটৰ্ছে অনিশ্চয়তাৰ মাজেৰে নেভিগেট কৰি ফাষ্ট লেন(দ্ৰুত অগ্ৰগতি)ত আছে। বিভিন্ন চৰকাৰী পদক্ষেপ, অৰ্থনৈতিক বিকাশ আৰু উদ্ভাৱনীমূলক ডিমাণ্ড-পুল ষ্ট্ৰেটেজীৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি টাটা মটৰ্ছে আগন্তুক তিনিমাহত এক আশাব্যঞ্জক গতিপথ(ট্ৰেজেক্টৰী)ৰ আশা কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *