২২ জানুৱাৰীত ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰি পালন কৰক দীপাৱলী- দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰীৰ

২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অযোধ্যাক ৰেল ষ্টেচন আৰু বিমানবন্দৰ উপহাৰ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে প্ৰথমে অযোধ্যাবাসীৰ বাবে এই ৰেল ষ্টেচন উচৰ্গা কৰে। বিমানবন্দৰৰ পৰা ৰেল ষ্টেচনলৈকে এটা ৰোড শ্ব’ও কৰা হৈছিল আৰু তাৰ পিছত বুটামটো টিপি বিমানবন্দৰটো অযোধ্যাৰ হাতত গতাই দিয়া হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪০ কোটি দেশবাসীক ২২ জানুৱাৰীত ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰি সকলোকে দীপাৱলী উদযাপন কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ২২ জানুৱাৰীৰ সন্ধিয়া চৌদিশ উজ্বলি থকা উচিত। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি সমগ্ৰ বিশ্বই আগ্ৰহেৰে অপেক্ষা কৰি আছে ২২ জানুৱাৰীৰ ঐতিহাসিক মুহূৰ্তলৈ, এনে পৰিস্থিতিত অযোধ্যাবাসীৰ মাজত এই উৎসাহ অতি স্বাভাৱিক। মই ভাৰতৰ মাটিৰ প্ৰতিটো চুক আৰু মানুহৰ উপাসক। মইও আপোনালোকৰ দৰেই উৎসুক।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *