ন্যায়াধীশ সন্দীপ মেহতাক উচ্চতম ন্যায়ালয়লৈ পদোন্নীত কৰাৰ ফলত সৃষ্টি হোৱা খালী পদ পূৰণৰ বাবে গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ বিজয় বিষ্ণৈক নিযুক্তি দিয়াৰ পৰামৰ্শ আগবঢ়াইছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে।
মুখ্য ন্যায়াধীশ নিৰ্বাচনৰ ক্ষেত্ৰত বিভিন্ন উচ্চ ন্যায়ালয়ৰ ন্যায্য প্ৰতিনিধিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা কাৰ্য্যবিধিৰ স্মাৰকপত্ৰ অনুসৰি এই পৰামৰ্শ দিয়া হৈছে।
বৰ্তমান ৰাজস্থান উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ন্যায়াধীশ বিষ্ণৈয়ে। ন্যায়িক জীৱনৰ পূৰ্বে তেওঁ ৰাজস্থান উচ্চ ন্যায়ালয় আৰু যোধপুৰৰ কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণত দেৱানী, অপৰাধমূলক, সাংবিধানিক, সেৱা আৰু নিৰ্বাচনী গোচৰত বিশেষজ্ঞতাৰে আইন চৰ্চা কৰিছিল।
খবৰ অনুসৰি তেওঁক নিযুক্তিৰ পৰামৰ্শ দিয়াৰ আনুষ্ঠানিক প্ৰস্তাৱ কলেজিয়ামে দিছিল, য’ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ বি আৰ গাভাই আছিল।