অৰুণাচল প্ৰদেশৰ টাৱাঙত মুকলি হ’ল আইএইচচিএলৰ নতুন ভিভাণ্টা হোটেল 

ইণ্ডিয়ান হোটেল কোম্পানী(আইএইছচিএল)য়ে অৰুণাচল প্ৰদেশৰ টাৱাঙত এখন নতুন ভিভাণ্টা হোটেল মুকলি কৰিছে, এই নতুন হোটেলখনে ১০,০০০ ফুট উচ্চতাত মনোমোহা টাৱাং উপত্যকা আৰু হিমালয়ৰ মনোৰম দৃশ্য উপভোগৰ সুবিধা প্ৰদান কৰিছে। অৰুণাচল প্ৰদেশৰ এই নতুন ভিভাণ্টাখন দহ একৰ ভূমিত অৱস্থিত।

টাৱাঙৰ বিশ্ববিশ্ৰুত আৰু পৃথিৱীৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ টাৱাং মনেষ্ট্ৰী(বৌদ্ধ মঠ)ৰ পৰা সামান্য় আঁতৰতে আছে এই ভিভাণ্টাখন। মুঠ ৮০টা কোঠা আৰু ছ্যুট বা কোঠালীৰ পৰা চাৰিওফালৰ উপত্যকা আৰু পাহাৰৰ নয়নাভিৰাম দৃশ্য দেখা যায়। এফালে মন্ত্ৰমুগ্ধকৰ পৰিৱেশ আৰু আনফালে ছিগনেচাৰ অল-ড্যে ডিনাৰ মিণ্টে যোগান ধৰা সুস্বাদু খাদ্য, লগতে আছে এটা চিক লাউঞ্জ বাৰ। আনহাতে, ছুইৰ্ল, ডেলিয়ে আগবঢ়ায় মুখৰোচক বিবিধ মিঠাই। অৰুণাচল প্ৰদেশৰ টাৱাঙৰ এই ভিভাণ্টাত অত্যাধুনিক আৰু সামাজিক অনুষ্ঠানৰ সঠিক কেন্দ্ৰ হিচাপে সকলো সুবিধা আছে, ৰাজ্যখনৰ ভিতৰতে আটাইতকৈ ডাঙৰ বলৰুম, খাদ্যৰ স্থান আৰু মনোমোহা অপেন-এয়াৰ লন(আকাশী সেউজ ঘাঁহনি)ৰ ব্যৱস্থা আছে।

এই হোটেলখনত তাপমাত্ৰা নিয়ন্ত্ৰিত ইনড’ৰ চুইমিং পুল, ফিটনেছ চেণ্টাৰ, স্পা, প্লে জ’ন(খেলৰ স্থান) আৰু সাংস্কৃতিক এম্ফিথিয়েটাৰ(প্ৰেক্ষাগৃহ)ৰ দৰে বিনোদনৰ সুবিধাও আছে। এই বিষয়ে আইএইচচিএলৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া পুনীত ছাতৱালে কয় যে, “এই পদক্ষেপে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি আইএইচচিএলৰ অটল দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তুলিলে, কিয়নো শ্বিলং, গেংটকৰ পিছত এতিয়া টাৱাঙকো সম্ভাৱনাপূৰ্ণ গন্তব্যস্থলীৰূপে বিশ্ব পৰ্যটনৰ মানচিত্ৰত স্থান দিয়াৰ ক্ষেত্ৰত অনবদ্য প্ৰচেষ্টা অব্যাহত ৰাখিছে। সমান্তৰালভাৱে ৰাজ্যখনৰ অনাবিষ্কৃত প্ৰাকৃতিক সৌন্দৰ্য আৰু স্বকীয় সাংস্কৃতিক ঐতিহ্য উন্মোচনৰ এখন প্লেটফৰ্ম হিচাপে কাম কৰিব।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *