সামাজিক মাধ্যমত আলফা-স্বাধীনৰ সমৰ্থনত পোষ্ট, বৰপেটাত গ্ৰেপ্তাৰ যুৱক

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত হোৱা আলোচনা আৰু শান্তি চুক্তি স্বাক্ষৰক লৈ আশাৰ ৰেঙণিৰ মাজতে মঙলবাৰে বৰপেটাত আলফা স্বাধীনৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় এজন যুৱকক।

সূত্ৰ অনুসৰি ধৃত মহিদুল ইছলামে ফেচবুক পোষ্টত ‘আলফা-স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱা জিন্দাবাদ’ বুলি মন্তব্য কৰিছিল।

U/S-10(B)/39(2) UA(P) Act ৰ অধীনত গোচৰ ৰুজু কৰি বৰপেটা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

কেন্দ্ৰীয় চৰকাৰ আৰু আলফাৰ মাজৰ শান্তি চুক্তিৰ পিছত সংঘটিত এনে গ্ৰেপ্তাৰৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *