নাই চাৰিচকীয়াৰ বাবে হাতত ধন! খুলশালীয়েকৰ বাইকেৰে ৩৩০ কিলোমিটাৰ যাত্ৰা কৰি ভূপালত উপস্থিত হ’ল এগৰাকী বিধায়ক

মধ্যপ্ৰদেশ বিধানসভাৰ নিৰ্বাচনত ভাৰত আদিবাসী পাৰ্টিৰ কমলেশ্বৰ ডোদিয়াৰে জয়লাভ কৰে। ৰাতলাম জিলাৰ ছাইলানাৰ পৰা নিৰ্বাচনত জয়লাভ কৰে তেওঁ। নিৰ্বাচনত জয়ী হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজধানী ভূপালত উপস্থিত হয়। কমলেশ্বৰে মটৰ চাইকেলেৰে ভূপাললৈ আহি ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ যাত্ৰা লাইভ সম্প্ৰচাৰ কৰে।

তেওঁ কয়, বিধায়ক হোৱাৰ পিছত ৰাজ্যৰ ৰাজধানীলৈ প্ৰথম ভ্ৰমণৰ বাবে গাড়ীৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছিল যদিও এখন গাড়ী লাভ কৰিব নোৱাৰিলে। ৩৩০ কিলোমিটাৰ যাত্ৰা কৰি বুধবাৰে নিশা ভূপালত উপস্থিত হয় ডোদিয়াৰ। অৱশেষত খুলশালীয়েকৰ মটৰ চাইকেলখন ধাৰলৈ লৈ ‘বিধায়ক’ বুলি লিখা ষ্টীকাৰ এখন বাইকৰ সন্মুখত আঁৰি প্ৰচণ্ড শীতকো প্ৰত্যাহ্বান জনাই ভূপালত উপস্থিত হয় ন নিৰ্বাচিত বিধায়কগৰাকী।

ভূপাল পোৱাৰ পিছত বিধায়ক ৰেষ্ট হাউচত ‘অতিথি’ হিচাপে থাকিবলৈ ঠাই পালে। বৃহস্পতিবাৰে বিধানসভাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত গণতন্ত্ৰৰ মন্দিৰক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে বিষয়াৰ আগত বিধায়ক হিচাপে নিজৰ পৰিচয় দাঙি ধৰে।

ডোদিয়াৰে কয় যে যিহেতু তেওঁ বিধানসভাত কাগজ-পত্ৰ সম্পূৰ্ণ কৰিবলৈ ভূপাললৈ যাবলৈ গাড়ীৰ ব্যৱস্থা কৰিব নোৱাৰিলে, সেয়েহে তেওঁ মটৰ চাইকেলেৰে গৈ আছে। বাটত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে প্ৰয়োজনীয় নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে বুলিও তেওঁ কয়। ফেচবুক লাইভৰ জৰিয়তেও তেওঁ ভূপাল ভ্ৰমণৰ সম্প্ৰচাৰ কৰে।

তেওঁ কয় যে তেওঁ এটা দুখীয়া শ্ৰমিক পৰিয়ালৰ, গতিকে তেওঁ এখন চাৰিচকীয়া বাহন কিনিব নোৱাৰিলে আৰু তেওঁ মানুহৰ পৰা ধন ধাৰে লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে। কংগ্ৰেছৰ হৰ্ষ বিজয় গেহলটক ৪,৬১৮ ভোটত পৰাস্ত কৰা ডোদিয়াৰে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এল এল বি কৰি আছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *