আৰ্থ-সামাজিক বিকাশৰ প্ৰতি নিজৰ দায়বদ্ধতা শক্তিশালী কৰাৰ বাবে এনইএইচএইচডিচিৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে ফ্লিপকাৰ্টে

ভাৰতৰ স্বদেশী ই-কমাৰ্চ বজাৰক্ষেত্ৰ ফ্লিপকাৰ্টে নিজৰ ফ্লিপকাৰ্ট সমৰ্থ কাৰ্যসূচীৰ অধীনত নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্টছ এণ্ড হেণ্ডলুম ডেভেলপমেণ্ট কৰ্পৰেচন লিমিটেড(উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম লিমিটেড) গুৱাহাটীৰ সৈতে এক বুজাবুজি চুক্তিৰ জৰিয়তে সহযোগিতা আগবঢ়াইছে। শিল্পীসকলক সবলীকৰণ, হস্ততাঁত আৰু হস্তশিল্প ব্যৱসায়ৰ সুযোগ বৃদ্ধি আৰু মহিলা আত্মসহায়ক গোটসমূহৰ বাবে অন্তৰ্ভুক্তিৰ সুযোগ সক্ষম কৰি তোলা আদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি উত্তৰ-পূব অঞ্চলৰ সকলো অংশীদাৰৰ বাবে ভাগ-বতৰা মূল্য সৃষ্টি কৰাই হৈছে এই বুজাবুজি চুক্তিৰ লক্ষ্য।

১৯৭৭ চনত স্থাপিত উত্তৰ পূৰ্বাঞ্চল হস্ততাঁত আৰু হস্ততাঁত উন্নয়ন নিগমে (এনইএইচএইচডিচি) শিল্প আৰু শিল্পীসকলক সম্ভাৱ্য বজাৰ আৰু গ্ৰাহকসকলৰ সৈতে সংযোগ কৰি অঞ্চলটোৰ থলুৱা শিল্পকলাৰ বিকাশ আৰু প্ৰচাৰৰ লক্ষ্য হাতত লৈছে। এনইএইচএইচডিচিৰ অভিযানত গ্ৰাহকৰ বাবে সাংস্কৃতিক মূল্য সংযোজন কৰাৰ লগতে সৃষ্টিকৰ্তাৰ বাবে অৰ্থনৈতিক, সাংস্কৃতিক আৰু সামাজিক সুযোগ সৃষ্টি কৰা ইত্যাদিও অন্তৰ্ভুক্ত থাকে।

ফ্লিপকাৰ্ট সমৰ্থ হৈছে ভাৰতীয় হস্তশিল্পক গণতান্ত্ৰিক কৰি তোলে এখন মঞ্চ, যাৰ জৰিয়তে ১.৫ মিলিয়ন শিল্পীৰ জীৱিকাত ইতিবাচক প্ৰভাৱ পেলাইছে। এই সহযোগিতাৰ বিষয়ে সদৰি কৰি উত্তৰ-পূব হস্ততাঁত আৰু হস্ততাঁত উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক ব্ৰিগেডিয়াৰ ৰাজীৱ কুমাৰ সিঙে (অৱসৰপ্ৰাপ্ত) কয় যে, ”এই পদক্ষেপৰ জৰিয়তে আমি ই-কমাৰ্চৰ জৰিয়তে সুযোগ বৃদ্ধি আৰু ৰাজ্যখনৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশ আৰু বৃদ্ধিৰ দিশত কাম কৰাৰ লক্ষ্য ৰাখিছোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *