আইচাৰে আগবঢ়াইছে হেভি-ডিউটী ট্ৰাকৰ শৃংখলা, য’ত আছে উৎকৃষ্ট শক্তিসম্পন্ন ৪টা মডেল

ভিই কমাৰ্চিয়েল ভেহিকেলছ লিমিটেডৰ এটা অন্যতম বিভাগ আইচাৰ ট্ৰাক এণ্ড বাছে ভাৰতত দীৰ্ঘ দূৰত্বৰ পৰিবহনৰ বাবে ডিজাইন কৰা গধুৰ-সামগ্ৰী পৰিবাহী ট্ৰাকৰ এক নতুন ৰেঞ্জ(পৰিসৰ) আইচাৰ নন-ষ্টপ চিৰিজ মুকলি কৰিছে। এই শৃংখলাত শক্তিশালী ইঞ্জিনৰ সৈতে ৪খন নতুন ট্ৰাক আৰু এক সংযোজিত সেৱা পৰিস্থিতিতন্ত্ৰ অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ দ্বাৰা বৰ্ধিত প্ৰদৰ্শন আৰু ফ্লীটৰ গৰাকীসকলৰ বাবে উন্নত আপটাইম নিশ্চিত কৰা হৈছে।

আইচাৰ প্ৰ’ ৬০১৯এক্সপিটি, টিপাৰ, আইচাৰ প্ৰ’ ৬০৪৮এক্সপি, হলেজ ট্ৰাক, আইচাৰ প্ৰ’ ৬০৫৫এক্সপি, আৰু আইচাৰ প্ৰ’ ৬০৫৫এক্সপি ৪x২ ট্ৰেক্টৰ-ট্ৰাকে আইচাৰৰ হেভি, মিডিয়াম, আৰু লাইট ডিউটি ট্ৰাক আৰু বাছৰ বিস্তৃত লাইন-আপৰ পৰিপূৰক। এই প্ৰতিষ্ঠানৰ এমডি আৰু মুখ্য কাৰ্যবাহী বিষয়া বিনোদ আগৰৱালে লজিষ্টিক দক্ষতা আৰু ব্যয় উন্নত কৰি খৰচ হ্ৰাস কৰাৰ বাবে কোম্পানীৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰি এইচডি ট্ৰাকৰ নন-ষ্টপ ৰেঞ্জ মুকলিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে।

সমগ্ৰ দেশতে আইচাৰৰ ৮৫০টাতকৈও অধিক টাচপইণ্টৰ এটা শক্তিশালী ডিলাৰশ্বিপ নেটৱৰ্ক আছে, যাৰ ভিতৰত আছে ৪২৫+ অনুমোদিত সেৱা কেন্দ্ৰ আৰু বিভিন্ন পাৰ্টছৰ বাবে ৮০০০+ খুচুৰা কেন্দ্ৰ। এই প্ৰতিষ্ঠানটোৱে ‘আইচাৰ চাইট ছাপ’ৰ্ট’ প্ৰদান কৰে, লগতে দূৰৱৰ্তী ভাৱে অৱস্থিত স্থানবোৰত হেচল-ফ্ৰী ছাপ’ৰ্ট(অসুবিধা-মুক্ত সমৰ্থন) প্ৰদান কৰে। আইচাৰ হেভি-ডিউটি(গধুৰ) বাহনসমূহত ১০০% সংযোগ আছে, যি এই উদ্যোগৰ ফাৰ্ষ্ট আপটাইম চেণ্টাৰৰ দ্বাৰা সমৰ্থিত, যিয়ে দূৰৱৰ্তী আৰু ভৱিষ্যদৰ্শী নিদান সমাধানৰ বাবে এআই আৰু মেচিন লাৰ্নিঙৰ সহায় লয়।  ট্ৰাকবোৰক ‘মাই আইচাৰ’ৰ সৈতেও সংযুক্ত কৰা হৈছে, যি হৈছে এক ফ্লীট(বহৰ) পৰিচালনা সেৱা, যাৰ সহায়ত বাহনৰ প্ৰদৰ্শনৰ মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰা হয়।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *