পঞ্জাৱৰ গুৰুদ্বাৰাত নিৰ্বিচাৰ গুলীবৰ্ষণ! এগৰাকী কনিষ্টবল নিহত, আহত ৫ জন

পুৱাই পঞ্জাৱৰ গুৰুদ্বাৰত সংঘটিত নিৰ্বিচাৰ গুলীবৰ্ষণৰ ঘটনা। বৃহস্পতিবাৰে পঞ্জাৱৰ কাপুৰথালাত সংঘটিত এই ঘটনাত নিহত হ. এজন কনিষ্টবল। ইফালে এই গুলীবৰ্ষণত ৫ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১০জন লোকক।

এই আক্ৰমণৰ আঁৰত কোনো খালিস্তান সমৰ্থক উগ্ৰপন্থী সংগঠনৰ ‘ভুমিকা’ সন্দৰ্ভত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে একো মন্তব্য প্ৰকাশ কৰা নাই। অৱশ্যে কাপুৰথালা প্ৰশাসনৰ এক সূত্ৰই জনোৱা মতে, গুৰদ্বাৰা দখলক লৈ দুটা গোটৰ মাজত হোৱা বিবাদৰ বাবেই এই গুলীচালনা সংঘটিত হৈছে।

আৰক্ষীয়ে জনোৱা মতে, নিহাংগা জনগোষ্ঠীৰ অন্তৰ্গত শিখ গোটটোৱে গুলীচালনা কৰে। কাপুৰথালাৰ আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) তেজবীৰ সিং হুণ্ডালে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, গুৰদ্বাৰাখন দখল কৰাৰ বিবাদৰ বাবে পূৰ্বে তাত আৰক্ষী মোতায়েন কৰা হৈছিল। তেওঁ কয়, গুৰদ্বাৰাৰ সন্মুখত ৰাস্তাত আৰক্ষীয়ে টহল দি আছিল। নিহাংগাই তেতিয়াই গুলীচালনা কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *