ভাৰতীয় ৰপ্তানিকৰ্তাসকল আমাজন গ্লোবেল চেলিঙত এক বাম্পাৰ হলীডে শ্বপিং চিজনৰ বাবে সাজু হৈছে

ভাৰতীয় ৰপ্তানিকৰ্তাসকলৰ বাবে বাৰ্ষিক ব্লেক ফ্ৰাইডে আৰু চাইবাৰ মন ডে’ (বিএফচিএম) বিক্ৰী অনুষ্ঠানৰ সময়ত আমাজনে বিশ্বজুৰি লাখ লাখ ‘মেড ইন ইণ্ডিয়া’ সামগ্ৰী প্ৰদৰ্শনৰ পৰিকল্পনা কৰিছে। আমাজনে এই বৰ্ষৰ গ্ৰাহকসকলক বজাৰ কৰিবলৈ অধিক দিনৰ সুবিধা প্ৰদান কৰিছে, ১৭ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈকে নিজৰ চেল ইভেণ্টৰ বাবে ভাৰতীয় ৰপ্তানিকাৰকসকলে ৫০,০০০ৰো অধিক নতুন সামগ্ৰী আগবঢ়াইছে। এই বিক্ৰী কৰিব লগা সামগ্ৰীৰ ভিতৰত আছে গৃহ আৰু পাকঘৰ, ষ্টেম পুতলা, পোছাক, স্বাস্থ্য আৰু ব্যক্তিগত যত্ন, কাৰ্যালয়ৰ সামগ্ৰী, গহণা, সৌন্দৰ্য আৰু আচবাব। ব্লেক ফ্ৰাইডে আৰু চাইবাৰ মনডে’ হলীডে ছিজন উপলক্ষে আগবঢ়োৱা উল্লেখযোগ্য অনুষ্ঠান।

আমাজনে নিজৰ আমাজন গ্ল’বেল চেলিং কাৰ্যসূচীত যোগ দিয়া নতুন ৰপ্তানিকৰ্তাৰ চাবস্ক্ৰিপচন মাচুল প্ৰথম তিনিমাহৰ বাবে ১২০ ডলাৰৰ পৰা ১ ডলাৰলৈ হ্ৰাস কৰিছে। প্ৰতিষ্ঠানটোৱে নিজৰ বিক্ৰেতা ৰপ্তানি আৰু ডেলিভাৰী(বিতৰণ) কাৰ্যসূচী সম্প্ৰসাৰণ কৰি খৰচ-বহনক্ষম সাগৰীয় মালবাহী লজিষ্টিক সমাধান আগবঢ়ায়।

ইয়াৰ লগতে আমাজন গ্ল’বেল চেলিঙে ব্যৱসায়িক বৃদ্ধি ত্বৰান্বিত কৰিবলৈ একাধিক শীৰ্ষ শ্বপিং ছিজন আৰু গ্ল’বেল চেল ইভেণ্টৰ প্ৰৱেশত অনুমতি বা সুবিধা প্ৰদান কৰে। এই বিষয়ে আমাজন ইণ্ডিয়াৰ গ্ল’বেল ট্ৰেডৰ সঞ্চালক ভূপেন ৱাকাংকৰে কয় যে, “বিএফচিএম বিক্ৰীৰ সৈতে আৰম্ভ হোৱা বিশ্বব্যাপী হলীডে ছিজন সদায়ে আমাজন গ্লোবেল চেলিঙত ভাৰতীয় ৰপ্তানিকৰ্তাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বৃদ্ধিৰ সময় হৈ ধৰা দিছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *