প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই ‘ডিপফেক’ৰ সহায়ত যুৱতীৰ অশ্লীল ফটো প্ৰস্তুত কৰি ভাইৰেল, গ্ৰেপ্তাৰ যুৱক

প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই ডিপফেক প্ৰযুক্তিৰ জৰিয়তে যুৱতীৰ অশ্লীল ফটো বনাই সামাজিক মাধ্যমত ভাইৰেল কৰি গ্ৰেপ্তাৰ হ’ল এজন যুৱক। কৰ্ণাটকৰ খানাপুৰ অঞ্চলত সংঘটিত এই ঘটনা পোহৰলৈ অহাৰ পিছতে দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ২২ বছৰীয়া যুৱকজনক।

আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্ত যুৱকজন বাংগালুৰুৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত। যুৱকজনে এগৰাকী যুৱতীক প্ৰেমৰ প্ৰস্তাৱ দিছিল যদিও যুৱতীগৰাকীয়ে সেই প্ৰস্তাৱ নাকচ কৰে। ইয়াৰ পিছতে প্ৰতিশোধৰ অগণিত জ্বলা যুৱকজনে যুৱতীগৰাকী ছবিৰ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ‘ডিপফেক’ প্ৰযুক্তি ব্যৱহাৰ কৰি অশ্লীল ছবি নিৰ্মাণ কৰে। আৰক্ষীয়ে দাবী কৰে যে যুৱতীগৰাকীয়ে তেওঁৰ প্ৰেমৰ প্ৰস্তাৱত সন্মতি নিদিলে সেই ছবিসমূহ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিব বুলিও ভাবুকি দিছিল।

আৰক্ষীৰ মতে, অভিযুক্তই ছোৱালীজনীৰ নামত ভুৱা ছ’চিয়েল মিডিয়া প্ৰফাইল তৈয়াৰ কৰি তাৰ পৰাই অশ্লীল ছবি পোষ্ট কৰিবলৈ আৰম্ভ কৰে। লগে লগে যুৱতীগৰাকীয়ে কৰ্ণাটক আৰক্ষীৰ কাষ চাপে। তেওঁৰ অভিযোগৰ ভিত্তিত অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰা হয়।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মণ্ডনাৰ ‘ডিপফেক’ ভিডিঅ’ৰ বাবে চৰ্চা চলিছে। ক’লা জিমৰ সাজ-পোছাক পৰিহিত অভিনেত্ৰীগৰাকীৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে অনুৰাগীসকলৰ সন্দেহ হ’বলৈ ধৰে। যদিও ভিডিঅ’টোত দেখা মহিলাগৰাকীৰ মুখ আৰু কণ্ঠ হুবহু ৰশ্মিকাৰ দৰেই, তথাপিও তেওঁৰ চেহেৰাত কিছু অসামঞ্জস্যতা আছে। তদন্তত প্ৰমাণিত হ’ল যে ভিডিঅ’টো আচলতে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত নিৰ্মিত ‘ডিপফেক’ ভিডিঅ’।

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে ‘ডিপফেক’ সৃষ্টি কৰা আৰু বিয়পোৱা দুয়োটা আইনী অপৰাধ। কেন্দ্ৰীয় চৰকাৰে ছ’চিয়েল মিডিয়া চাইটলৈও জাননী প্ৰেৰণ কৰি ছ’চিয়েল মিডিয়াত এনেধৰণৰ কামত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ছ’চিয়েল মিডিয়ালৈ প্ৰেৰণ কৰা জাননীখনত তথ্য প্ৰযুক্তি আইন, ২০০০ৰ ধাৰা ৬৬ডিৰ কথা উল্লেখ কৰা হৈছে। এই ধাৰা অনুসৰি যদি কোনো ব্যক্তিয়ে কম্পিউটাৰ প্ৰযুক্তিৰ সহায়ত কোনো ব্যক্তিৰ ফটো বা ভিডিঅ’ বিকৃত কৰি হেতালি খেলে আৰু ছ’চিয়েল মিডিয়াত আপলোড কৰে, তেন্তে তেওঁক তিনি বছৰৰ কাৰাদণ্ড বা ১ লাখ টকাৰ জৰিমনা বিহা হ’ব পাৰে।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এক্স (পূৰ্বৰ টুইটাৰ) আৰু ফেচবুকক ২৪ ঘণ্টাৰ ভিতৰত নিজৰ চাইটৰ পৰা পৰিৱৰ্তিত ছবিৰ অভিযোগ আঁতৰাবলৈ নিৰ্দেশ দিছে। জাননীখনত উল্লেখ কৰা হৈছে যে ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে ব্যৱহাৰকাৰীসকলক ‘ভুৱা’ ভিডিঅ’ বা ছবি শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত সকীয়াই দিব লাগে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *