ইজৰাইলৰ পৰা ভাৰতে উদ্ধাৰ কৰিলে ১৮জন নেপালৰ নাগৰিকক

যুদ্ধজৰ্জৰ ইজৰাইলৰ পৰা ভাৰতীয়সকলক ঘূৰাই অনাৰ বাবে ‘অপাৰেচন অজয়’ৰ অধীনত সাধাৰণ নাগৰিকক স্বদেশলৈ ঘূৰাই অনা অভিযান অব্যাহত আছে। ‘অপাৰেচন অজয়’ৰ অধীনত নেপালৰ ১৮জন নাগৰিকসহ ২৮৬গৰাকী ভাৰতীয় নাগৰিকক লৈ পঞ্চমখন বিমান মঙলবাৰে নিশা অৱতৰণ কৰে নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত। ইয়েই প্ৰমাণ কৰে যে, ভাৰতে আকৌ এবাৰ চুবুৰীয়া দেশসমূহৰ কাষত থিয় দিছে, সংঘৰ্ষজৰ্জৰ অঞ্চলৰ পৰা চুবুৰীয়া দেশৰ নাগৰিকসকলক ঘূৰাই আনিছে।

ভাৰতে বিশ্বব্যাপী দুৰ্যোগ আৰু যুদ্ধসদৃশ পৰিস্থিতিৰ প্ৰতি নিৰন্তৰ সঁহাৰি জনাই আহিছে, ইয়াৰ ভিতৰত ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ আৰু চুদানৰ সংঘৰ্ষই হওক অথবা কভিড-১৯ মহামাৰীৰ সময়তে হওক। বিপদসংকুল পৰিস্থিতিৰ মাজতো নিজৰ লোকসকলক সুৰক্ষিতভাৱে প্ৰিয়জনৰ কাষলৈ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি পালন কৰিছে ভাৰতে। ইজৰাইলৰ পৰা উভতি অহা নেপালী নাগৰিক অম্বিকাই শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কয় যে, “ইজৰাইলৰ পৰিস্থিতি যথেষ্ট বিপদজনক। আমি ভয় খাইছিলোঁ। ইটোৰ পিছত সিটো বিস্ফোৰণ সংঘটিত হৈছিল। আমাক ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ।”

এই কঠিন সময়ত ভাৰতৰ সহায়ৰ বাবে বিদেশ মন্ত্ৰী জয়শংকৰক কৃতজ্ঞতা জ্ঞাপন কৰিছে নেপালৰ বৈদেশিক মন্ত্ৰী এন পি চৌদে। টুইটযোগে কৃতজ্ঞতা জনাই নেপালৰ বৈদেশিক মন্ত্ৰী এন পি চৌদে কয় যে, “সন্মানীয় @DrSJaishankar, আমি কঠিন সময়ত এই সহায়ৰশলাগ লৈছোঁ। আপোনালোকৰ সহায়ৰ বাবে নেপাল আৰু নেপালী লোকসকল কৃতজ্ঞ।” ইজৰাইলৰ পৰা উদ্ধাৰ কৰি ঘূৰাই অনাৰ পিছত ভাৰতস্থিত নেপালৰ ৰাষ্ট্ৰদূতজনে কয় যে, “তেল আভিভৰ পৰা দিল্লীলৈ নেপালী নাগৰিকসকলক ঘূৰাই অনাৰ বাবে আমি ভাৰত চৰকাৰক ধন্যবাদ জনাইছোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *