এপিআই আৰু ইপচ’ছৰ সমীক্ষাই সূচাইছে যে ভাৰতত প্ৰাপ্তবয়স্কসকলৰ মাজত প্ৰতিষেধক গ্ৰহণৰ হাৰ কম

এছ’চিয়েচন অৱ ফিজিচিয়ানছ ইন ইণ্ডিয়া (এপিআই) আৰু ইপছ’ছে শেহতীয়াকৈ কৰা সমীক্ষাত দেশৰ ১৬খন চহৰৰ ৫০ বছৰ বা ততোধিক বয়সৰ প্ৰাপ্তবয়স্ক লোকৰ মাজত যত্ন লওঁতা আৰু চিকিৎসকসকলে ভাৰতত কিয় প্ৰাপ্তবয়স্কৰ প্ৰতিষেধক গ্ৰহণ কম হৈছে সেই বিষয়ে আকৰ্ষণীয় অন্তৰ্দৃষ্টি বা আভাস লাভ কৰিছে। এই সমীক্ষাটোৱে দেখুৱাইছে যে যদিও ≥৫০ বছৰ বয়সৰ ৭১% প্ৰাপ্তবয়স্কই প্ৰাপ্তবয়স্কৰ টীকাকৰণৰ বিষয়ে সচেতন, মাত্ৰ ১৬% লোকেহে কোনো প্ৰাপ্তবয়স্ক ভেকচিন গ্ৰহণ কৰিছে। অৱশ্যে ৰোগী আৰু চিকিৎসকসকলে প্ৰতিষেধক কম গ্ৰহণৰ আঁৰত বেলেগ বেলেগ কাৰণ উল্লেখ কৰিছে।

প্ৰায় ৯০% চিকিৎসকৰ ওপৰত কৰা এক সমীক্ষাত দেখা গৈছে যে আনুষ্ঠানিক নিৰ্দেশনাৰ অভাৱ আৰু সময়ৰ প্ৰত্যাহ্বানে ৰোগীৰ আগ্ৰহ আৰু প্ৰতিষেধক গ্ৰহণত প্ৰাচীৰ সৃষ্টি কৰে। ৫০ বছৰ বা তাতকৈ অধিক বয়সৰ প্ৰাপ্তবয়স্কৰ মাত্ৰ ১৬% লোককহে প্ৰতিষেধক গ্ৰহণৰ পৰামৰ্শ দিয়া হৈছে। বহুতে চিকিৎসকৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ কৰে, আনহাতে ৬৯% আৰু ৭৬% যত্ন লোৱা লোকে প্ৰাপ্তবয়স্কৰ টীকাকৰণৰ বিষয়ে চিকিৎসকক কেতিয়াও সোধা নাই। প্ৰতিষেধক গ্ৰহণৰ হাৰ বৃদ্ধিৰ বাবে ৫৫% প্ৰাপ্তবয়স্ক উত্তৰদাতা আৰু ৪৮% যত্ন লোৱা লোকে বিশ্বাস কৰে যে ক’ভিড-১৯ টীকাকৰণৰ সজাগতাৰ দৰে ব্যৱস্থাই প্ৰতিষেধক গ্ৰহণ বৃদ্ধি কৰিব পাৰে।

গুৱাহাটীৰ বেলতলা ৱায়াৰলেছৰ ট্ৰিনিটি স্কোৱাৰৰ দ্বিতীয় মহলাস্থিত কেয়াৰভিষ্টা এণ্ড এপ’ল’ চুগাৰছ ক্লিনিকত চিকিত্সা সেৱা আগবঢ়োৱা কনচালটেণ্ট ফিজিচিয়ান এণ্ড ডায়েবেট’লজিষ্ট আৰু এডাল্ট ইমিউনাইজেচন স্পেচিয়েলিষ্ট ডাঃ নবীন কুমাৰ বানছালে কয় যে, “ভেকছিন প্ৰতিৰোধযোগ্য ৰোগ যেনে শ্বিংগলৰ বিপদ সম্পৰ্কে অধিক কথোপকথন-সজাগতাই অধিক বয়সস্থ প্ৰাপ্তবয়স্ক লোকসকলক টীকাকৰণ কৰিবলৈ উৎসাহিত কৰিব।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *