মঙলবাৰে পুৱা উত্তৰপ্ৰদেশৰ মীৰাটৰ লোহিয়া নগৰ অঞ্চলৰ এটা ঘৰত সংঘটিত হোৱা বিস্ফোৰণত ৪ জন লোকৰ মৃত্যু হয়। বিষয়াসকলৰ মতে, এই বিস্ফোৰণত ৫ জন লোক আহত হোৱাৰ লগতে চিকিৎসাৰ সময়ত ৪ জন লোকৰ মৃত্যু হয়।
ঘটনাস্থলীত উপস্থিত হৈ জিলা দণ্ডাধীশ দীপক মীনাই কয়, ‘এই ঘটনাত ৫জন লোক আহত হয়, ইয়াৰে চাৰিজনৰ চিকিৎসালয়ত চিকিৎসাৰ সময়ত মৃত্যু হয়। সকলো পুৰুষ আৰু প্ৰাপ্তবয়স্ক। তেওঁলোকৰ চিনাক্তকৰণৰ বাবে এতিয়াও ওচৰৰ পৰা কোনো আগবাঢ়ি অহা নাই। এনে লাগে যেন এইসকল লোক কাৰখানাৰ শ্ৰমিক আছিল যিয়ে বিস্ফোৰণত প্ৰাণ হেৰুৱাইছে।’
জিলা দণ্ডাধীশে জানিবলৈ দিয়া মতে, সেই স্থানৰ পৰাই চাবোন তৈয়াৰ কৰা সামগ্ৰী আৰু চাবোনৰ মজুত পোৱা গৈছে, যাৰ বাবে চাবোন বনোৱা বা চাবোন পেকিং আদিৰ কাম ইয়াতেই কৰা যেন লাগে।
জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰোহিত সিং সাজৱানে জানিবলৈ দিয়া মতে, লোহিয়া নগৰ থানা এলেকাৰ দুমহলীয়া অট্টালিকাত সংঘটিত হৈছে এই ঘটনা।
এছ এছ পিয়ে জনোৱা মতে, এই অট্টালিকাৰ তলত এটা চাবোন নিৰ্মাণ কাৰখানা আছিল, য’ত আজি পুৱা বিস্ফোৰণ ঘটি তাৰ পিছত ঘৰৰ চাল ভাঙি যায়। তেওঁৰ মতে, এই দুৰ্ঘটনাত ৫ জন লোকক ধ্বংসাৱশেষৰ তলত পুতি থোৱা হয় আৰু তেওঁলোকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
এছ এছ পিয়ে কয় যে এই ঘটনাৰ কাৰণ তদন্ত অব্যাহত আছে। সেই স্থানৰ পৰা চাবোন প্ৰস্তুত কৰা ৰাসায়নিক পদাৰ্থ উদ্ধাৰ কৰা হৈছে বুলি এছ এছ পিয়ে জনায়।