ৰজনীগন্ধাইআৰম্ভ কৰিছে নতুন অভিযান #rajnigandhamasterstroke, যিয়ে শিল্প বা কলাক গণতান্ত্ৰিক কৰাৰ সমান্তৰালকৈ ক্ৰিকেট উদযাপন কৰিছে। মাইণ্ড শ্বেয়াৰে এই কেম্পেইন বিকশিত কৰিবলৈ ৰজনীগন্ধাৰ সৈতে সহযোগিতা কৰে। অনুৰাগীসকলক কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি সমৰ্থন প্ৰকাশ জনাবলৈ উৎসাহিত কৰি ৰজনীগন্ধাৰ মূল্যবোধক ক্ৰিকেটৰ মনোভাৱৰ সৈতে সংযোগ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।এই প্ৰচাৰ অভিযানত এক মনোমোহা প্ৰ’ম’ও প্ৰদৰ্শন কৰা হৈছে, যিয়ে অনুৰাগীসকলক ক্ৰিকেট-থিমযুক্ত মাষ্টাৰ পিচ(বিশেষ মুহূৰ্ত)বোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ দৰে ছচিয়েল মিডিয়া প্লেটফৰ্মত #rajnigandhamasterstroke হেশ্বটেগ ব্যৱহাৰ কৰি আৰু @rajnigandha_pm টেগ কৰি শ্বেয়াৰ কৰিবলৈ উৎসাহিত কৰিছে। ইয়াৰ ফলত শিল্পকলা আৰু ক্ৰিকেট অনুৰাগীৰ মাজত সম্প্ৰদায় আৰু ঐক্যবোধৰ অনুভূতি বৃদ্ধি কৰে, লগতে ভাৰতীয় দলক উৎসাহিত কৰা সামূহিক কণ্ঠস্বৰ বৃদ্ধি কৰে।
অনুপ্ৰেৰণা বৃদ্ধি আৰু নিয়োজন বা ব্যস্ত কৰি ৰাখিবলৈ ৰজনীগন্ধাই অংশগ্ৰহণকাৰীসকলৰ বাবে উপহাৰ, স্মাৰ্টফোন, স্মাৰ্টৱাশ্ব আৰু বহুতো আকৰ্ষণীয় পুৰস্কাৰৰ টোপোলা প্ৰস্তুত কৰিছে। প্ৰভাৱটো বঢ়াবলৈ, এই অভিযানত প্ৰভাৱশালী ব্যক্তি, জনপ্ৰিয় ক্ৰিকেট প্লেটফৰ্ম আৰু অন-চাইট অনুষ্ঠান আৰু প্ৰচাৰৰ অংশগ্ৰহণ অন্তৰ্ভুক্ত থাকিব। এই অভিযানৰ লক্ষ্য হৈছে ৰজনীগন্ধাৰ মূল্যবোধক ক্ৰিকেটৰ মনোভাৱৰ সৈতে সংযোগ কৰা আৰু শিল্প আৰু ক্ৰিকেট অনুৰাগীসকলৰ মাজত একতাৰ ভাব গঢ়ি তোলা।
এই বিষয়ে দক্ষিণ এছিয়াৰ মাইণ্ড শ্বেয়াৰৰ মুখ্য কাৰ্যবাহী বিষয়া আমিন লাখানিয়ে কয় যে, “এই অভিযান কেৱল ক্ৰিকেটৰ বিষয়েই নহয়; ই হৈছে দেশজুৰি অনুৰাগীসকলক একত্ৰিত কৰা এক ডিজিটেল কেনভাছ। খেলৰ মনোভাৱ আৰু সৃষ্টিশীলতাক উদযাপন কৰাই হৈছে ইয়াৰ মূল উদ্দেশ্য, কিয়নো আমি একেলগে আমাৰ দেশখনক ক্ৰিকেটৰ প্ৰতি থকা প্ৰেমেৰে ৰং দিওঁ।”