ভাৰতৰ ডাকাৰ পায়নিয়াৰে চিইএটি আইএছআৰএলৰ বাবে অধিগ্ৰহণ কৰিছে বিগৰক মটৰস্প’ৰ্ট ফ্ৰেঞ্চাইজী

ভাৰতৰ মটৰস্প’ৰ্টৰ দৃশ্যপটক ন ৰূপত গঢ় দিয়াৰ বাবে উৎসৰ্গিত চিইএটি ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে ভাৰতৰ আটাইতকৈ দক্ষ ছুপাৰক্ৰছ আৰু ৰেলী-ৰেইড চেম্পিয়ন চি এছ সন্তোষে উদয় শংকৰ আৰু এন গৌতমৰ সৈতে বিগ ৰক মটৰস্প’ৰ্ট হিচাপে নিজৰ স্থানত নতুন শক্তিক্ষেত্ৰক গৰ্বেৰে আদৰণি জনাইছে আৰু উআগন্তুক ছিজনৰ বাবে এটা ফ্ৰেঞ্চাইজী দল অধিগ্ৰহণ কৰিছে। এই সংযোজনৰ লগে লগে লীগে দেশৰ মটৰস্প’ৰ্টৰ মানদণ্ড উন্নত কৰাৰ দিশত এক উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।

চিইএটি আইএছআৰএলৰ সৈতে চি এছ সন্তোষৰ জড়িত হোৱাৰ লগে লগে ভাৰতৰ উচ্চাকাংক্ষী মটৰস্প’ৰ্টছ ৰাইডাৰসকলৰ বাবে এক অন্যতম স্তম্ভস্বৰূপ কাৰক হ’বলৈ সাজু হৈছে, এই সংবাদে এই খেলবিধৰ সৈতে আবেগেৰে আৰু দৃঢ়তাৰে গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব নৱ প্ৰজন্মক। বিগ ৰক মটৰস্প’ৰ্টৰ সংযোজনৰ লগে লগে চিইএটি ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে চাৰিটা দল ঘোষণা কৰিছে, আহি থকা দিনত আৰু অধিক আকৰ্ষণীয় ঘোষণা থাকিব। অনুৰাগী আৰু অংশগ্ৰহণকাৰীসকলৰ বাবে একেই আনন্দদায়ক অভিজ্ঞতাৰে ভৰা ছিজনৰ প্ৰতিশ্ৰুতি দি ভাৰতৰ মটৰস্প’ৰ্টছৰ মাত্ৰাক নতুন ৰূপ দিবলৈ সাজু হৈছে এই লীগে।

বিগ ৰক মটৰস্প’ৰ্টৰ মেণ্টৰ চি এছ সন্তোষে এই নতুন অংশীদাৰিত্বৰ বিষয়ে নিজৰ উচাহ ব্যক্ত কৰি কয় যে, “বিগ ৰক মটৰস্পৰ্টৰ সৈতে চিইএটি ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগত যোগদান কৰাটো মোৰ বাবে এক অবিশ্বাস্য সাফল্য আৰু সঁচাকৈয়ে এক মাইলষ্টোন। এই অভিনৱ প্ৰয়াসৰ অংশ হ’বলৈ পাই মই অত্যন্ত উৎসাহিত হৈছোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *