অসমৰ হাফলঙত বুধবাৰে অনুষ্ঠিত এখন কৰ্মশালাত অগ্ৰণী জৈৱ বৈচিত্ৰ সংৰক্ষণ সংস্থা আৰণ্যকৰ (www.aaranyak.org) সমল ব্যক্তি সকলে আদালতত অপৰাধ প্ৰতিষ্ঠা কৰিবলৈ জৈৱিক প্ৰমাণৰ জৰিয়তে আৰু ডি এন এ প্ৰযুক্তি ব্যৱহাৰ কৰি বন্যপ্ৰাণী অপৰাধৰ তদন্ত কৰাৰ লগতে বন্যপ্ৰাণী অপৰাধৰ তদন্তত পদ্ধতিগতভাৱে নথি-পত্ৰ প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

ডিমা হাছাও বন বিভাগৰ উদ্যোগত আৰু আৰণ্যকৰ সহযোগত হাফলঙৰ কৃষি অতিথিশালা প্ৰেক্ষাগৃহত আয়োজিত “লিগেল অ’ৰিয়েন্টেশ্যন এণ্ড ৱাইল্ডলাইফ ফৰেণচিক” শীৰ্ষক এই কৰ্মশালাখনত উত্তৰ কাছাৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ ডিমা হাচাও বন বিভাগৰ পূব আৰু পশ্চিম সংমণ্ডলৰ ১২টা ৰেঞ্জৰ ৰেঞ্জাৰ, ডেপুটি ৰেঞ্জাৰ আৰু বনকৰ্মীকে ধৰি বন বিষয়াসকলে অংশগ্ৰহণ কৰে ।

আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড০ এম ফিৰোজ আহমেদে অনুষ্ঠানটো পৰিচালনা কৰে ।

“বন্যপ্ৰাণী অপৰাধ ৰোধৰ আইনী ব্যৱস্থা” শীৰ্ষক এক অধিবেশনত দিয়া ভাষণত আৰণ্যকৰ জ্যেষ্ঠ আইনী পৰামৰ্শদাতা তথা গৌহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অজয় কুমাৰ দাসে বন্যপ্ৰাণী (সুৰক্ষা) আইন ১৯৭২ৰ শেহতীয়া সংশোধনীৰ ওপৰত আলোকপাত কৰে । তেওঁ কয় যে আইনখনৰ সৈতে সংলগ্ন কৰা নতুন চাৰিটা সূচীত অন্তৰ্ভুক্ত প্ৰজাতিসমূহক শ্ৰেণীভুক্ত কৰা হৈছে। তেওঁ বন্যপ্ৰাণী (সুৰক্ষা) (অসম সংশোধনী) আইন, ২০০৯ৰ বিভিন্ন দিশৰ ওপৰতো ব্যাখ্যা আগবঢ়ায় ।

আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী উদয়ন বৰঠাকুৰে দিয়া “ডি এন এ প্ৰযুক্তি ব্যৱহৃত বন্যপ্ৰাণী ফৰেনছিক” বিষয়ক ভাষণত আদালতত অপৰাধ প্ৰতিষ্ঠা কৰাৰ বাবে জৈৱিক প্ৰমাণৰ জৰিয়তে আৰু ডি এন এ প্ৰযুক্তি ব্যৱহাৰ কৰি বন্যপ্ৰাণী অপৰাধৰ তদন্ত কৰাৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে।

তেওঁ বন্যপ্ৰাণী অপৰাধৰ তদন্তত সহায় কৰিব পৰা ডি এন এ ভিত্তিক বিভিন্ন আহিলাৰ বিষয়ে ব্যাখ্যা কৰে। প্ৰমাণ সংগ্ৰহ প্ৰক্ৰিয়াৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ সঠিক নমুনা সংগ্ৰহ কৌশল আৰু ফৰেনছিক তদন্তৰ বাবে নমুনা হস্তান্তৰ কৰাৰ ক্ষেত্ৰত জিম্মাত থকা সামগ্ৰীৰ শৃংখল বজাই ৰখাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

বৰঠাকুৰে আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীয়ে প্ৰস্তুত কৰা ফৰেনছিক ডি এন এ নমুনা সংগ্ৰহ কিট ডিমা হাছাও বন বিভাগক অৰ্পণ কৰে।

অধিবক্তা অজয় কুমাৰ দাসে “বন্যপ্ৰাণী অপৰাধৰ তদন্তত নথি প্ৰস্তুতকৰণ” বিষয়ত দিযা বক্তব্যত অংশগ্ৰহণকাৰীসকলক বন্যপ্ৰাণী অপৰাধৰ তদন্তৰ সৈতে জড়িত বিভিন্ন আইনী পদক্ষেপৰ বিষয়ে ব্যাখ্যা কৰে।

তেওঁ লগতে বৈজ্ঞানিক প্ৰমাণে অভিযুক্তক আদালতত দোষী সাব্যস্ত কৰাত কেনেদৰে সহায় কৰে তাৰো ব্যাখ্যা কৰে । তেওঁ ইতিমধ্যে প্ৰস্তুত কৰা জব্দ তালিকা, ফৰৱাৰ্ডিং ৰিপৰ্ট, কেছ ডায়েৰী, গ্ৰেপ্তাৰৰ আদেশ, পৰিদৰ্শন আদেশ আদিৰ বিভিন্ন নমুনা দাঙি ধৰে ।

তেওঁ জনায় যে বন্যপ্ৰাণী অপৰাধৰ গোচৰত কোনো অভিযোগনামা দাখিল কৰিব নালাগে, বৰঞ্চ এখন অভিযোগ আবেদনেই যঠেষ্ট । লগতে তেওঁ অংশগ্ৰহণকাৰী বন বিষয়াসকলক অভিযোগ আবেদন কেনেদৰে প্ৰস্তুত কৰিব লাগে সেই বিষয়েও ব্যাখ্যা কৰে ।

কৰ্মশালাখন উদ্বোধন কৰি ডিমা হাচাওৰ পশ্চিম সংমণ্ডলৰ ডি এফ অ’ টুহিন লাংথাছাই কয় যে উপযুক্ত গোচৰৰ ডায়েৰী প্ৰস্তুতিৰ জৰিয়তে যাতে তদন্ত সঠিকভাৱে হয় তাৰ বাবে আইনৰ বিভিন্ন ব্যৱস্থাবোৰ সূক্ষ্মভাৱে বুজি পোৱাটো অতি প্ৰয়োজনীয়।

তেওঁ বন্যপ্ৰাণী অপৰাধ মোকাবিলা কৰাৰ ক্ষেত্ৰত ডিমা হাছাও বন বিভাগে পূৰ্বে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ আৰু সেইবোৰ তেওঁলোকে কেনেদৰে সফলতাৰে অতিক্ৰম কৰিছে তাৰ বিষয়ে সদৰি কৰে । লগতে তেওঁ কয় যে আদালতত অভিযুক্তৰ ফলপ্ৰসু দোষী সাব্যস্তকৰণৰ বাবে ডি এন এ নমুনা সংগ্ৰহৰ প্ৰক্ৰিয়াটো বুজি পোৱাটো প্ৰয়োজনীয়।