মহানগৰীৰ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰত কালিৰে পৰা আৰম্ভ হৈছে ‘সত্ৰীয়া সাংস্কৃতিক মহাসমাৰোহ-২০২৩’ । ‘সত্ৰীয়া সাংস্কৃতিক মহাপৰিষদ, অসম’ৰ দ্বাৰা আয়োজন কৰা এই সমাৰোহৰ শুকুৰবাৰে পুৱা শুভাৰম্ভ কৰা হয় বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলনেৰে । লগতে সত্ৰীয়া সংস্কৃতিৰ সৈতে জড়িত নমস্য ব্যক্তিসকললৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় । প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে কালি সাংস্কৃতিক কাৰ্যসূচী আৰু আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ মুখৰিত হৈ পৰে খোলবাদন ,বৰগীত আৰু সত্ৰীয়া নৃত্যৰে৷ ২৮ ছেপ্টেম্বৰত প্ৰতিযোগীৰ নাম পঞ্জীয়নৰে আৰম্ভ হোৱা আৰু অহা ১ অক্টোবৰলৈকে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ‘সত্ৰীয়া সাংস্কৃতিক মহাসমাৰোহ’ৰ মূল কাৰ্যক্ৰমণিকা ২৯ ছেপ্টেম্বৰ পুৱাৰে পৰা ভিন্ন কাৰ্যসূচীৰে ৰূপায়ণ কৰা হয় ৷ এই সমাৰোহৰ লগত সংগতি ৰাখি শিক্ষাৰ্থীসকলৰ মাজত দুদিনীয়াকৈ সদৌ অসম ভিত্তিত সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত কেইবাটিও প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল ৷ এই প্ৰতিযোগিতাৰ অংশ হিচাপে ২৯ ছেপ্টেম্বৰত শ্ৰীমন্ত শঙ্কৰদেৱৰ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত একক আৰু দলীয়ভাৱে সত্ৰীয়া নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ সেইদৰে বৰগীত আৰু খোলবাদনৰ প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হয় ৷ সেইদৰে অৰ্থাৎ ৩০ ছেপ্টেম্বৰৰ প্ৰতিযোগিতাৰ আগতীয়া পঞ্জীয়ন অনুসৰি এইসমূহ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ ল’ৰা-ছোৱালী সকলোৰে বাবে মুকলি থকা এই প্ৰতিযোগিতাসমূহত প্ৰতিটো বিভাগত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্তসকলক নগদ ধন,স্মাৰক আৰু প্ৰমাণপত্ৰ ১অক্টোবৰৰ মুকলি অধিৱেশনত প্ৰদান কৰাৰ লগতে সকলো অংশগ্ৰহণ কাৰীক অংশগ্ৰহণৰ প্ৰমাণপত্ৰও প্ৰদান কৰা হ’ব ৷ সমাৰোহৰ আটাইকেইদিনতে গধূলি সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে । সমাৰোহৰ প্ৰথমদিনা ‘অসমৰ ভক্তিজাগৰণ : ধৰ্ম, দৰ্শন আৰু সত্ৰানুষ্ঠান’ শীৰ্ষক এখনি আলোচনাচক্ৰ অনু্ষ্ঠিত হয় ৷ এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰে ড° প্ৰদীপজ্যোতি মহন্তই ৷ আনহাতে ৩০ছেপ্তেম্বৰত অনুষ্ঠিত হয় ‘অসমৰ ভক্তি জাগৰণ আৰু সত্ৰীয়া কলা পৰম্পৰা বৰগীত, অঙ্কীয়া নাট আৰু সত্ৰীয়া নৃত্য’ শীৰ্ষক আন এখনি আলোচনা চক্ৰ ৷ উক্ত আলোচনাত অংশ লয় শশাঙ্ক কলিতা আৰু ,ড°পোনা মহন্তই৷আলোচনা চক্ৰৰ আঁত ধৰে সত্ৰীয়া সাংস্কৃতিক মহা পৰিষদৰ উপ-সভাপতি গোপাল চন্দ্ৰ বৰদলৈয়ে৷ ১ অক্টোবৰৰ পুৱা ১১বজাত শ্ৰীমাধৱদেৱ
আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া সত্ৰাধিকাৰ সন্মিলনতেই সদৌ অসমৰ কাৰ্য্যনিৰ্বাহক সমিতি গঠন কৰা হ’ব৷ বিয়লি ৩.৩০বজাৰ পৰা অনুষ্ঠিত হ’ব মহাসমাৰোহৰ মুকলি অধিৱেশন৷অধিৱেশনতে প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহো বিতৰণ কৰা হ’ব ৷ উল্লেখ্যোগ্য যে মহাসমাৰোহৰ মুকলি অধিৱেশনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই ৷ সত্ৰীয়া সাংস্কৃতিক মহাপৰিষদৰ মহাসমাৰোহ উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৰণিকাখনো সেইদিনাৰ মুকলি অধিৱেশনতে উন্মোচন কৰা হ’ব বুলি সত্ৰীয়া সাংস্কৃতিক মহাপৰিষদৰ সভাপতি প্ৰফুল্ল প্ৰাণ মহন্ত আৰু সম্পাদক বৈকুণ্ঠ প্ৰসাদ গোস্বামীয়ে জানিবলৈ দিছে ৷