হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰক মঙলবাৰে (২৬ ছেপ্টেম্বৰ) বাইক চলাই ৰাজ্যখনৰ “কাৰ ফ্ৰী ডে’”ৰ পদক্ষেপক সমৰ্থন কৰা দেখা যায়। হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে বাইকেৰে কৰ্ণাল বিমানবন্দৰত উপস্থিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে এক্স (পূৰ্বৰ টুইটাৰ)ত পোষ্ট কৰি কয় যে, ‘মইও বাইকেৰে কৰ্ণাল বিমানবন্দৰলৈ গৈ গাড়ীৰ যাতায়ত হ্ৰাস কৰাৰ বাবেও সামান্য প্ৰয়াস কৰিলোঁ। মুখ্যমন্ত্ৰী খট্টৰে পূৰ্বে ঘোষণা কৰিছিল যে কৰ্ণালত প্ৰতি মঙলবাৰে ‘কাৰ ফ্ৰী ডে২’ হ’ব য’ত সকলো চৰকাৰী বিষয়াই কেৱল চাইকেল বা বাইকেৰে যাত্ৰা কৰিব।
খট্টৰে এক্সত পোষ্ট কৰি কয় যে ৰাজ্যৰ সচেতন জনসাধাৰণে এই বাৰ্তা আগবঢ়াই লৈ মানুহক ‘কেৱল এদিনৰ বাবে’ গাড়ী ত্যাগ কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি আশা কৰিছো।
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে সোমবাৰে হাৰিয়ানাৰ যমুনানগৰত ‘ড্ৰাগছমুক্ত হাৰিয়ানা’ৰ পদক্ষেপক প্ৰচাৰৰ বাবে চাইক্ল’থন দৌৰৰ পতাকা উত্তোলন কৰে। Cyclothon for a Drug-Free Haryana শীৰ্ষক অভিযানটোৱে ১ ছেপ্টেম্বৰত প্ৰথমটো চাইক্ল’থনৰ সাক্ষী হৈছিল আৰু ২৫ ছেপ্টেম্বৰ সোমবাৰে ড্ৰাগছ বিৰোধী অভিযানৰ শিখৰত উপনীত হৈছে, যিটো খট্টৰে এক্সৰ পোষ্টতো উল্লেখ কৰিছিল।
যমুনানগৰ চাইক্ল’থনৰ দৃশ্যত দেখা গৈছে যে ড্ৰাগছ সেৱনৰ বিপদৰ বিষয়ে সজাগতা বিয়পোৱাৰ ব্যৱস্থা হিচাপে বৃহৎ সংখ্যক চাইকেল আৰোহীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।
হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে এন জি অ’ আৰু অন্যান্য সংগঠনৰ সহযোগত ৰাজ্যখনত ড্ৰাগছমুক্ত সমাজ এখনৰ বাবে কাম কৰি আছে।