গণগত দক্ষতা বিকাশৰ সুযোগ প্ৰদানৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানে আৰম্ভ কৰিলে এছআইডি

কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ভাৰতৰ দক্ষতা, শিক্ষা, নিযুক্তি আৰু উদ্যমিতাৰ দৃশ্যপট সলনি কৰাৰ লক্ষ্যৰে এক ডিজিটেল প্লেটফৰ্ম স্কিল ইণ্ডিয়া ডিজিটেল (এছআইডি) মুকলি কৰিছে। এছ আই ডিয়ে উদ্যোগ-প্ৰাসংগিক দক্ষতা পাঠ্যক্ৰম, চাকৰিৰ সুযোগ আৰু উদ্যোগী বৃদ্ধিৰ বাবে সহায় আগবঢ়ায়, যাৰ লক্ষ্য হৈছে লাখ লাখ ভাৰতীয়ৰ বাবে গুণগত দক্ষতা বিকাশ আৰু উন্নত সুযোগ প্ৰদান কৰা। এই মঞ্চখনত উপস্থিত থাকি দক্ষতা বিকাশ আৰু উদ্যোগ আৰু ইলেক্ট্ৰনিক্স, তথ্য প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল।

এছআইডি হৈছে দক্ষতা, শিক্ষা, নিযুক্তি আৰু উদ্যিমতা ক্ষেত্ৰৰ বাবে ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)। ইয়াৰ লক্ষ্য হৈছে ডিজিটেল প্ৰযুক্তি আৰু উদ্যোগ ৪.০ দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দক্ষতা বিকাশক অধিক উদ্ভাৱনীমূলক, সুলভ আৰু ব্যক্তিগতকৃত কৰা। এই মঞ্চখনে দক্ষ প্ৰতিভা নিয়োগ ত্বৰান্বিত কৰাৰ লগতে জীৱনজোৰা শিক্ষা আৰু কেৰিয়াৰৰ উন্নতিৰ সুবিধা প্ৰদান কৰিব।

ই ডিপিআই আৰু ডিজিটেল অৰ্থনীতি নিৰ্মাণৰ বাবে জি-২০ ফ্ৰেমৱৰ্কৰ সৈতে সংগতি ৰাখে আৰু চৰকাৰী দক্ষতা আৰু উদ্যমিতা পদক্ষেপৰ বাবে এক বিস্তৃত তথ্যৰ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰে।  এই বিষয়ে কেন্দ্ৰীয় শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যোগ বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে, “ইয়াৰ দ্বাৰা বহু সুযোগ সৃষ্টি কৰাত সহায়ক হ’ব। এই ক’ভিডৰ পিছৰ পৃথিৱীখনত ডিজিটেল দক্ষতাৰ বিষয়ে যথেষ্ট সজাগতা সৃষ্টি হৈছে। স্কিল ইণ্ডিয়া ডিজিটেলে উদ্যমিতা আৰু ভৱিষ্যতৰ বাবে সাজু কৰ্মশক্তি সক্ষম কৰি তুলিব।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *