টাটা মটৰ্ছে ডিটিচিক যোগান ধৰিলে ৪০০ ষ্টাৰবাছ ইভি

টাটা মটৰ্ছে ১,৫০০ খন নিম্ন মহলাৰ শীততাপ নিয়ন্ত্ৰিত বৈদ্যুতিক বাছ যোগান ধৰাৰ ১২ বছৰীয়া চুক্তিৰ অংশ হিচাপে দিল্লী পৰিবহন নিগম(ডিটিচি)ক  ৪০০খন ষ্টাৰবাছ ইভি বাছ যোগান ধৰিছে। নেক্সট-জেন স্থাপত্যৰ ওপৰত নিৰ্মিত আৰু উন্নত বেটাৰী প্ৰণালীৰে সজ্জিত এই শূন্য-নিৰ্গমন বাছবোৰ সমগ্ৰ দিল্লীত সুৰক্ষিত, আৰামদায়ক আৰু সুবিধাজনক আন্তঃ-চহৰ যাতায়তৰ বাবে ডিজাইন কৰা হৈছে। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ পদক্ষেপৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশতে ১০০০ৰো অধিক ই-বাছ যোগান ধৰাৰ মাইলৰ খুঁটি অৰ্জন কৰিছে টাটা মটৰ্ছে।

২০২৩ চনৰ ৫ ছেপ্টেম্বৰত দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে যৌথভাৱে বহুকেইজন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত ৪০০খন ই-বাছৰ চলাচল আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে।

এই উপলক্ষে মন্তব্য কৰি টিএমএলৰ চিভি মবিলিটি চল্যুছন লিমিটেডৰ অধ্যক্ষ অসীম কুমাৰ মুখাৰ্জীয়ে কয় যে, “দিল্লীত ৰাজহুৱা পৰিবহণ পৰিষ্কাৰ, বহনক্ষম, সুৰক্ষিত, আৰামদায়ক, সুবিধাজনক আৰু দক্ষ শক্তি নিৰ্মাণৰ আকাংক্ষা পূৰণ কৰাৰ বাবে আমি পৰ্যায়ক্ৰমে ডিটিচিক আৰু ১,১০০ খন ই-বাছ যোগান ধৰি ডিটিচিৰ সৈতে আমাৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে আগ্ৰহী।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *