সহকৰ্মীয়ে ভুলবশতঃ কৰা গুলিচালনাত গুলিবিদ্ধ হৈ মৃত্যু সেনা জোৱানৰ

জম্মু-কাশ্মীৰৰ বান্দিপোৰা জিলাত সহকৰ্মীয়ে ভুলবশতঃ কৰা গুলিচালনাৰ ফলত এজন সেনা জোৱান নিহত হোৱাৰ লগতে আন এজন জোৱান আহত হয় বুলি দেওবাৰে আৰক্ষীয়ে প্ৰকাশ কৰে।

আৰক্ষীৰ এক বিবৃতি অনুসৰি অভিযুক্ত সেনা জোৱানজনক আটক কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।

“আকস্মিকভাৱে কৰা গুলিচালনাৰ ফলত এজন জোৱান নিহত হোৱাৰ লগতে আন এজন জোৱান আহত হয়। অভিযুক্ত সেনা জোৱানক আটক কৰি ৰখা হৈছে। প্ৰয়োজনীয় আইনী ব্যৱস্থা আৰম্ভ কৰা হৈছে।’-এক্স ছ’চিয়েল মিডিয়া প্লেটফৰ্মত জম্মু-কাশ্মীৰৰ জিলা আৰক্ষী বান্দিপোৰাৰ এই কথা প্ৰকাশ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *