কেৰালাৰ কোঝিকোডত ক্ৰমান্বয়ে বৃদ্ধি পাইছে নিপাহ ভাইৰাছৰ আতংক। শুকুৰবাৰে নতুনকৈ আক্ৰান্ত হৈছে এজন ৩৯ বছৰীয়া ব্যক্তি। যাৰ পিছত মুঠ আক্ৰান্তৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পাইছে। তেওঁলোকৰ সংস্পৰ্শলৈ অহা ৯৫০ জন লোকক নিৰীক্ষণ কৰা হৈছে। ইয়াৰে ২১৩ জন হাই ৰিস্ক কেটেগৰীত আছে। ইতিমধ্যে দুজনৰ মৃত্যু হৈছে। গতিকে পৰিস্থিতি চম্ভালিবলৈ সক্ৰিয় হৈ পৰিছে প্ৰশাসন।
বাওঁপন্থী শাসিত ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে শুকুৰবাৰে এই পৰিস্থিতি সন্দৰ্ভত এক বিবৃতিযোগে এইদৰে কয়। জানিব পৰা মতে আক্ৰান্তৰ সংস্পৰ্শলৈ অহাসকলৰ ভিতৰত ২৮৭জন স্বাস্থ্যকৰ্মী। সংক্ৰমণ যাতে আৰু বিয়পি নাযায় তাৰ বাবে বৃহৎ সমাৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইতিমধ্যে সকলোকে ঘৰতে জুম্মাৰ নামাজ আদায় কৰিবলৈ কোৱা হৈছে। ৪ জন ৰোগী ব্যক্তিগত চিকিৎসালয়ত আছে। লগতে কোজিকোড মেডিকেল কলেজত ১৭ জন লোকক পৰ্যবেক্ষণত ৰখা হৈছে।
মন কৰিবলগীয়া যে কোঝিকোডত ইয়াৰ পূৰ্বেও নিপাহ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ঘটিছে। ২০১৮ আৰু ২০২১ চনত দুবাৰকৈ বিয়পি পৰে নিপাহৰ আতংক। প্ৰথমবাৰৰ বাবে ২৩জন লোক আক্ৰান্ত হোৱাৰ খবৰ। ১৮ জন লোকে প্ৰাণ হেৰুৱালে। এইবাৰ আকৌ আতংক বিয়পিবলৈ আৰম্ভ কৰিছে।