পশ্চিমবংগৰ ফটকা কাৰখানাত বিস্ফোৰণ

পশ্চিমবংগৰ ফটকা কাৰখানাত বিস্ফোৰণ। বিস্ফোৰণত নিহত ৮জনকৈ কৰ্মচাৰী। গুৰুতৰভাৱে আহত আন বহুকেইজন কৰ্মচাৰী। উত্তৰ ২৪ পৰগনা জিলাত সংঘটিত হৈছে দুৰ্ঘটনাটো। বিস্ফোৰণৰ সময়ত কাৰখানাটোত কৰ্মৰত আছিল বহু কৰ্মচাৰী। বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে থিতাতে উৰি গৈছিল ভৱনটোৰ ছাদ । সম্প্ৰতি গোটেই অঞ্চলটোতে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। আহত কৰ্মচাৰীসকলক চিকিৎসালয়ত ভৰ্তি।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *