চিট ক্ৰিকেট ৰেটিং বঁটাৰ ২৫ সংখ্যক সংস্কৰণ উদযাপন

দেশৰ আগশাৰীৰ টায়াৰ নিৰ্মাতা প্ৰতিষ্ঠান চিট লিমিটেডে মুম্বাইত চিট ক্ৰিকেট ৰেটিং (চিচিআৰ) বঁটা ২০২৩ৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেট ক্ষেত্ৰৰ পৰা ক্ৰিম-দা-লা-ক্ৰিমৰ সফলতা আৰু গৌৰৱ উদযাপন কৰে। ২০২২ চনৰ জুন মাহৰ পৰা ২০২৩ৰ মে’লৈকে চিট ক্ৰিকেট ৰেটিং প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি পুৰুষ আৰু মহিলা উভয়ৰে শ্ৰেষ্ঠ ক্ৰিকেট কৃতিত্ব বা সফলতা দেখুওৱা খেলুৱৈক সন্মানিত কৰিছিল বিশ্বব্যাপী মঞ্চ চিচিআৰে। এই চিচিআৰে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা কৃতিত্বৰ মূল্যায়নৰ বাবে গল্ড ষ্টেণ্ডাৰ্ড হিচাপে কাম কৰে।

২৫ সংখ্যক চিট ক্ৰিকেট ৰেটিং বঁটাত মনোৰঞ্জনমূলক প্ৰদৰ্শন আৰু পেনেল আলোচনা অনুষ্ঠিত কৰা হয়, যিয়ে দৰ্শক, অনুৰাগী, বলীউডৰ তাৰকা, ক্ৰিকেটাৰসকলক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। এই বঁটাৰ জৰিয়তে ব্ৰেণ্ডন মেককুলামক শ্ৰেষ্ঠ প্ৰশিক্ষক হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত মহিলা ক্ৰিকেটাৰসকলক সন্মান জনোৱাৰ লগতে দীপ্তি শৰ্মাক ‘চিট মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ অৱ দ্য ইয়েৰ’ আৰু ১৯ বছৰ অনুৰ্ধ্ব মহিলা বিশ্বকাপ বিজয়ী অধিনায়ক ছেফালি বাৰ্মাক সম্বৰ্ধনা জনোৱা হয়।

জালাজ ছাক্সেনাক চিট ঘৰুৱা ডমেষ্টিক ক্ৰিকেটাৰ অৱ দ্য ইয়েৰ সন্মান প্ৰদান কৰা হয়। সূৰ্যকুমাৰ যাদৱে চিট শ্ৰেষ্ঠ টি-২০ বেটছমেন আৰু ভুৱনেশ্বৰ কুমাৰে বছৰৰ শ্ৰেষ্ঠ টি-২০ বলাৰ সন্মান আঁজুৰিবলৈ সক্ষম হয়। কিংবদন্তি মদন লাল আৰু কাৰ্ছান ঘাভৰিয়ে লাভ কৰে ‘চিচিআৰ আন্তঃৰাষ্ট্ৰীয় জীৱনজোৰা সাফল্য বঁটা’। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি আৰপিজি গ্ৰুপৰ অধ্যক্ষ হৰ্ষ গোৱেংকাই কয় যে, “আগন্তুক বিশ্বকাপ ক্ৰিকেটত সফলতাৰ বাবে আমি টীম ইণ্ডিয়ালৈও আন্তৰিক শুভেচ্ছা জনাইছোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *