আগশাৰীৰ পাৰ্ফমেন্স চকুৰ চশমাৰ ব্ৰেণ্ড ওকলে আৰু বিশ্বব্যাপী প্ৰসিদ্ধ ক্ৰিকেটাৰ তথা ভাৰতৰ ওকলেৰ ব্ৰেণ্ড এম্বেছাদৰ ৰোহিত শৰ্মাই ৱানচাইট এচিলোৰলাক্সোটিকা ফাউণ্ডেচনৰ সৈতে একত্ৰিত হৈ সহযোগিতা আগবঢ়াব। ইয়াৰ জৰিয়তে ভাল দৃষ্টিশক্তিৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিব। লগতে চমশাৰ যতনৰ বাবে বৰ্তমান উপলব্ধ নোহোৱা বা সুবিধা নথকা অঞ্চলত বহনক্ষম সুবিধা প্ৰদানৰ চেষ্টা কৰিব।
ইয়াৰ অংশ ৰূপে বিশেষভাৱে পিছপৰা বা দৰিদ্ৰ পৰিয়ালৰ ১০-১৫ বছৰ বয়সৰ বিদ্যালয়লৈ যোৱা ১,০০০ শিক্ষাৰ্থীৰ চকুৰ ভিজুৱেল একুইটী টেষ্টিঙৰ ব্যৱস্থা কৰে গুৰুগ্ৰামত। দিনজোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত চকুৰ দৃষ্টিশক্তিৰ প্ৰয়োজন হোৱা ছাত্ৰ-ছাত্ৰীক প্ৰেছক্ৰিপচন লেন্স লগোৱা ওকলেৰ চশমা বিনামূলীয়াকৈ প্ৰদান কৰা হয়। গুড ভিজন(ভাল দৃষ্টি) হৈছে এক মৌলিক মানৱ অধিকাৰ। কিন্তু অস্পষ্ট দৃষ্টিশক্তিৰ বাবে সমগ্ৰ পৃথিৱীৰ ২.৭ বিলিয়ন লোক সমস্যাৰ সন্মুখীন হয় আৰু কেৱল ৫৫০ মিলিয়ন ভাৰতীয় প্ৰভাৱিত হয়। স্পষ্ট দৃষ্টিয়ে বিশেষভাৱে শিক্ষণ-শিকন, কৰ্মক্ষেত্ৰত প্ৰদৰ্শন আৰু উপাৰ্জনৰ ক্ষেত্ৰতো প্ৰভাৱ পেলায়। চকুৰ পৰীক্ষা আৰু চশমাই শিক্ষা আৰু নিয়োগৰ ছবিখন সলনি কৰিব পাৰে আৰু মানুহক নতুন জীৱন প্ৰদান কৰিব পাৰে।
ৰোহিত শৰ্মাই নিজৰ জীৱনৰ কাহিনী আৰু অভিজ্ঞতা শ্বেয়াৰ কৰিছিল আৰু ভাল দৃষ্টি তথা স্বপ্ন পূৰণৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল। এই অনুষ্ঠানত শিশুসকলৰ বাবে ক্ৰীড়া কাৰ্য-কলাপো অন্তৰ্ভুক্ত কৰা হৈছিল। এই পদক্ষেপৰ বিষয়ে নিজৰ মনোভাৱ ব্যক্ত কৰি ৰোহিত শৰ্মাই কয় যে, “ওকলে আৰু ৱানচাইট এচিলোৰলাক্সটিকা ফাউণ্ডেচনৰ সৈতে আমাৰ সমাজলৈ এক পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱাৰ বাবে মই কৃতজ্ঞ।”