আমাজন মিনিটিভিৰ নৃত্য ৰিয়েলিটি শ্ব’ হিপ হপ ইণ্ডিয়াই ভাৰতত জনপ্ৰিয়তা অৰ্জন কৰিছে, ইয়াৰ বিনামূলীয়া ষ্ট্ৰীমিং সেৱা আগবঢ়াইছে আমাজন মিনিটিভিয়ে। এইটো হৈছে ভাৰতৰ প্ৰথম আৰু একমাত্ৰ হিপ হপ কেন্দ্ৰিক নৃত্য ৰিয়েলিটি শ্ব’ আৰু ই ভাৰতৰ কিছুমান প্ৰতিভাশালী আণ্ডাৰগ্ৰাউণ্ড হিপ হপ নৃত্যশিল্পীসকলক প্ৰদান কৰিছে এখন গৌৰৱৰ মঞ্চ। ডান্স মাষ্টাৰ ৰেমো ডিচুজা আৰু নোৰা ফাতেহীয়ে বিচাৰকৰ আসন শুৱনি কৰিছে, হিপ হপ ইণ্ডিয়া একচেটিয়াভাৱে সম্প্ৰচাৰ হৈ আছে আমাজন মিনিটিভিত।
আগন্তুক হিপ হপ ইণ্ডিয়া ছেগমেণ্টৰ বাবে ষ্ট্ৰীমিং প্লেটফৰ্মৰ প্ৰম’ত দেখা গৈছে যে সকলো কেটেগৰীতে টপ ছিক্সৰ বাবে যুঁজত বিচাৰকক আপ্লুত কৰিছে নৃত্যশিল্পীসকলে। বিচাৰকসকলে অংশগ্ৰহণকাৰীসকলক চৰ্টলিষ্ট কৰিবলৈ যথেষ্ট ভাবিব লগা হৈছে। যিহেতু নৃত্যৰ যুঁজ চলি আছে, কোনো কাৰণতে নিজৰ আসন ধৰি ৰাখিবলৈ আপ্ৰাণ প্ৰয়াস কৰিছে শিল্পীসকলে। নালাচোপাৰাৰ তুষাৰ আৰু কান্সিছ চহৰৰ ফিক্সুনে অংশগ্ৰহণকাৰীসকলক উৎসাহিত কৰিছে।
ইফালে ৰেমো ডিচুজাই ঘোষণা কৰিছে যে এই আশ্চৰ্যজনক প্ৰতিভাশালী নৃত্যশিল্পীসকলৰ মাজত মূল্যায়ন আৰু বাছনি কৰিব নোৱাৰা হৈ পৰিছে। প্ৰচাৰিত প্ৰম’ৰ শেষত তেওঁ কয় যে, “য়ে মেৰে চে নহি হোগা, আই এম আউট।” এই খণ্ডটোত একক শাখাত হিমাংশু আৰু অংছিকা, গ্ৰুপ শাখাত ইউজিএইচ আৰু ৱান থিংক ক্ৰুৰ লগতে গ্ৰুপ শাখাত অস্মিত আৰু ষ্টিভ আৰু মোহিত আৰু গৌৰৱৰ মাজত হ’ব মহাৰণ।