কোকা-কোলা ইণ্ডিয়াই ইনছুৱাৰ মানৱ সম্পদৰ উপাধ্যক্ষ ৰূপে নিযুক্তি দিলে আইৰিন টানক

কোকা-কোলা ইণ্ডিয়াই আইৰিন টানক ভাৰত আৰু দক্ষিণ-পশ্চিম এছিয়াৰ মানৱ সম্পদ বিভাগৰ উপাধ্যক্ষ হিচাপে নিযুক্তি প্ৰদানৰ কথা ঘোষণা কৰিছে। এই নতুন ভূমিকাত আইৰিনে ভাৰত আৰু দক্ষিণ-পশ্চিম এছিয়াত কোম্পানীটোৰ বাবে ভৱিষ্যতৰ বাবে সাজু প্ৰতিভা, প্ৰদৰ্শন বৃদ্ধিৰ বাবে কৰ্মক্ষমতা সক্ষম কৰা আৰু কৰ্মচাৰীৰ বিকাশক আগুৱাই নি ইনছুৱাৰ বৃদ্ধি ত্বৰান্বিত কৰিব।

২০১২ চনত এছিয়া পেচিফিক গ্ৰুপৰ টেলেণ্ট ছ’ৰ্চিং কনচালটেণ্ট হিচাপে কোম্পানীটোত যোগদান কৰিছিল আইৰিনে। গ্ৰেটাৰ চাইনা এণ্ড কোৰিয়াৰ মুখ্য প্ৰতিভা আহৰণ অংশীদাৰ হৈ ছাংহাইতো কাৰ্যভাৰ চম্ভালিছিল। পৰিচালনা প্ৰশিক্ষাৰ্থীসকলৰ বাবে কেম্পাছ নিযুক্তি আৰম্ভ কৰিছিল, লিংগ আৰু প্ৰজন্মগত বৈচিত্ৰ্যতাক আগুৱাই নিছিল। উল্লেখ্য যে, ২০১৫ চনত ছিংগাপুৰত কাৰ্যবাহী নিযুক্তি সঞ্চালক হিচাপে নিযুক্ত হয় আৰু বটলিং ইনভেষ্টমেণ্ট গ্ৰুপ(বিআইজি)কে ধৰি সমগ্ৰ এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলত এক্সিকিউটিভ চাৰ্ছ মেণ্ডেটৰ ওপৰতো কাম কৰিছিল।

এই নিযুক্তি সন্দৰ্ভত সদৰি কৰি ভাৰত আৰু দক্ষিণ-পশ্চিম এছিয়াৰ প্ৰেচিডেণ্ট সংকেত ৰয়ে কয় যে, “আইৰিনৰ কোম্পানীটোৰ বিষয়ে গভীৰ বুজাবুজি থকাৰ লগতে সমগ্ৰ বজাৰত প্ৰতিভা ব্যৱস্থাপনা দক্ষতাত আমি যথেষ্ট আত্মবিশ্বাস। আমি নিশ্চিত যে তেখেতে নিৰন্তৰ সফলতাৰ বাবে মানৱ সম্পদৰ কাম-কাজ পৰিচালিত কৰিব আৰু পছন্দৰ নিয়োগকৰ্তা হিচাপে আমাৰ স্থিতি অধিক শক্তিশালী কৰিব।” ২০২০ চনত আইৰিনে এছিয়া পেচিফিকৰ টেলেণ্ট এণ্ড ডেভেলপমেণ্ট বিভাগৰ সঞ্চালক পদত অধিষ্ঠিত হৈছিল। লগতে গ্লোবেল টি এণ্ড ডি লিডাৰশ্বিপ টীমকো নেতৃত্ব দিয়ে। প্ৰতিভা সম্বন্ধীয় কাৰ্যসূচী, বৈচিত্ৰ্যময় উত্তৰাধিকাৰ পাইপলাইন আগুৱাই নিয়াৰ লগতে শিক্ষণ আৰু এণ্টাৰপ্ৰাইজ সক্ষমতা পদক্ষেপ ৰূপায়ণ কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *