মানৱ আৰু হাতীৰ সংঘাত প্ৰৱণ অঞ্চলত মানৱ-হাতীৰ সহাৱস্থানক উদগনি যোগোৱাৰ বাবে স্থানীয় লোকসকলক জীৱিকাৰ বিকল্প উপায় দিয়াৰ উদ্দেশ্যে লোৱা উদ্যোগৰ অংশ হিচাপে আৰণ্যক আৰু ব্ৰিটিছ এছিয়ান ট্ৰাষ্টে ডাৰউইন ইনিচিয়েটিভ, মেঘালয় বন বিভাগ আৰু টিক্ৰিকিলাৰ খণ্ড উন্নয়ন বিষয়াৰ (বিডিঅ’ ) কাৰ্যালয়ৰ সহযোগত যোৱা ৭ আৰু ৮ আগষ্টত পশ্চিম গাৰো পাহাৰ জিলাৰ টিক্ৰিকিলাৰ টিকিৰিকিলাৰ বি ডি অ’ৰ কাৰ্যালয়ৰ সভাগৃহত হাঁহ-কুকুৰা পালনৰ এখন প্ৰশিক্ষণ কৰ্মশালাত অনুষ্ঠিত কৰে । মেঘালয়ৰ গাৰো পাহাৰ অঞ্চলৰ জামডামগ্ৰে, বড়োগোবোল, বন্দুকমালি, ফোটামাটি, বৰডুবি, দৰেনচিগ্ৰে, ল’ৱাৰ খাৰচিন্দপ গাঁৱৰ পৰা ৫৮ গৰাকী হিতাধিকাৰীয়ে এই প্ৰশিক্ষণ কৰ্মশালাত অংশগ্ৰহণ কৰে ।

কৰ্মশালাত অংশগ্ৰহণকাৰীৰ প্ৰায় ৬০ শতাংশ প্ৰশিক্ষাৰ্থী মহিলা। হিতাধিকাৰীসকলক মুক্তভাৱে বিচৰণ কৰিব পৰা কুকুৰা পালনৰ ফলপ্ৰসূ কৌশল শিকোৱা হয় কাৰণ এনে কুকুৰাত তেওঁলোকে অধিক দাম পায় আৰু মানুহ-হাতী সংঘাতত জৰ্জৰিত পশ্চিম গাৰো পাহাৰৰ এই গাঁওসমূহৰ লোকসকল ইয়াৰ দ্বাৰা সৰ্বাধিক লাভৱান হ’ব পাৰে ।

উল্লেখ্য যে মানৱ-হাতীৰ সংঘাতৰ ফলত হোৱা লোকচানৰ সন্মুখীন হোৱা স্থানীয় লোকসকলক এই লোকচান জোৰা মৰাত সহায় কৰাৰ বাবে তেওঁলোকক জীৱিকাৰ বিকল্প উপায় দিয়া লগতে আৰণ্যক আৰু ইয়াৰ সহযোগী সকলে মানৱ আৰু বন্যপ্ৰাণীৰ সহাৱস্থান আৰু শস্য সুৰক্ষাৰ অৰ্থে ক্ষতিগ্ৰস্ত এলেকাৰ লোকক বিভিন্ন সজুলি যোগান ধৰাৰ কাম কৰি আহিছে ।

টিক্ৰিকিলাত অনুষ্ঠিত প্ৰশিক্ষণ কৰ্মশালাখনত সমল ব্যক্তি হিচাপে থকা পশু চিকিৎসক ডাঃ সুৰজিৎ হাজঙে গাৰো পাহাৰ অঞ্চলটোক হাঁহ-কুকুৰা পালনৰ বাবে এটা উপযুক্ত অঞ্চল বুলি অভিহিত কৰে।
নূন্যতম বিনিয়োগেৰে ছাত্ৰ-ছাত্ৰী আৰু বয়সস্থকে ধৰি গাঁওবাসীয়ে সহজে কৰিব পৰা হাঁহ-কুকুৰা পালনে গাঁৱৰ অৰ্থনীতি বৃদ্ধিত কেনেদৰে সহায় কৰিব পাৰে সেই বিষয়তো তেওঁ আলোকপাত কৰে ।

অৱশ্যে তেওঁ কয় যে কুকুৰা পালন কৰিবলৈ ঠাই নিৰ্বাচন কৰাটো অতি গুৰুত্বপূৰ্ণ কাৰণ কুকুৰা পালন কৰা স্থানত পানী জমা হোৱাৰ পৰা হাত সাৰিবলৈ উপযুক্ত নিষ্কাশন ব্যৱস্থা থকাটো প্ৰয়োজন আৰু হাঁহ-কুকুৰাক ৰোগ আৰু মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ নিয়মিতভাৱে টিকাকৰণ কৰা উচিত । অংশগ্ৰহণকাৰীসকলে ডাঃ হাজঙৰ সৈতে হাঁহ-কুকুৰাক বচাই ৰখাৰ বাবে প্ৰয়োজনীয় চিকিৎসাৰ বিষয়ে মত বিনিময় কৰে ।

কৰ্মশালাখনৰ আঁত ধৰি আৰণ্যকৰ সংৰক্ষণ জীৱবিজ্ঞানী ড০ আলোলিকা সিনহাই উল্লেখ কয়, “স্থানীয় লোকসকলৰ সামৰ্থ্য গঢ়ি তোলা আৰু সকলো অংশীদাৰৰ সক্ৰিয় অংশগ্ৰহণে মানৱ-হাতী সহাৱস্থান সম্ভৱ কৰি তোলাত বহুখিনি অৱদান আগবঢ়াব পাৰে”।

ড° সিনহাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা প্ৰশিক্ষণ কৰ্মশালাত তুৰা বন্যপ্ৰাণী সংমণ্ডলৰ ৰেঞ্জ বিষয়া শ্ৰীমতী এনি মাৰাকক সম্বৰ্ধনা জনোৱা হয়।

৭ আগষ্টৰ প্ৰশিক্ষণ কাৰ্যসূচীত ৰেঞ্জ অফিচাৰ শ্ৰীমতী জেজেবেল্ড আৰেং আৰু এনি মাৰাক উপস্থিত থাকে ।

আৰণ্যকৰ বিষয়ববীয়া অঞ্জন বৰুৱা, অভিজিত বৰুৱা, ভেণ্ডো থিয়ডৰ, নিপুল চাকমা, আৰু সুবাস ৰাভাই অংশগ্ৰহণকাৰী আৰু সমল ব্যক্তিসকলৰ মাজত মত-বিনিময় আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । আৰণ্যকৰ সহায়ক প্ৰদীপ বৰ্মনে এই অনুষ্ঠানৰ আয়োজনত সহায় কৰে।