আমাজন ইণ্ডিয়াৰ কৰ্পোৰেট ক্ষেত্ৰৰে জড়িত হোৱা নিকিতা মাৰ্কাণ্ডেক জানো আহক

ভাৰতে স্বাধীনতা দিৱস উদযাপন কৰাৰ ক্ষণত দেশৰ সমৃদ্ধি আৰু প্ৰগতিৰ ক্ষেত্ৰত সামৰিক বাহিনীৰ প্ৰাক্তন জোৱানসকলৰ অৱদানক স্বীকৃতি দিয়াটো অতিশয় গুৰুত্বপূৰ্ণ। আমাজন ইণ্ডিয়া হৈছে সামৰিক ক্ষেত্ৰৰ জ্যেষ্ঠ ব্যক্তিসকলক আদৰণি জনোৱা এটা প্ৰতিষ্ঠান, যিয়ে কোম্পানীটোলৈ মূল্যৱান অভিজ্ঞতা আৰু জ্ঞান কঢ়িয়াই আনে। ভাৰতীয় সশস্ত্ৰ বাহিনীত এভিঅ’নিক্স পৰিচালনাৰ পৰা আমাজন ইণ্ডিয়াৰ কৰ্প’ৰেট ভূমিকালৈ সফলতাৰে ৰূপান্তৰ কৰি নিজকে সফল কৰি তুলিছে প্ৰাক্তন সেনা বিষয়া নিকিতা মাৰ্কণ্ডেই। উল্লেখ্য যে, নিকিতাই নিজৰ মানসিক ক্ষিপ্ৰতা আৰু শাৰীৰিক ফিটনেছ প্ৰদৰ্শন কৰি ১১ বছৰ ধৰি ভাৰতীয় বায়ুসেনাত এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

নিজৰ অভিজ্ঞতাৰ বিষয়ে সদৰি কৰি নিকিতাই কয় যে, “আমাজনক পোৱাটো নিজকে সৌভাগ্যবান বিবেচনা কৰোঁ, কিয়নো দক্ষতা আৰু দক্ষ্য ব্যক্তিসকলক সক্ৰিয়ভাৱে উৎসাহিত কৰা হয় আৰু দৈনন্দিন জীৱনত ইয়াক প্ৰয়োগ কৰা হয়। উদ্ভাৱন, উৎকৃষ্টতাৰ বাবে প্ৰয়াস আৰু সৰ্বশ্ৰেষ্ঠখিনি আগবঢ়াবলৈ অধ্যৱসায়ৰ পৰিৱেশ মই বায়ুসেনাত আঁকোৱালি লোৱা মানসিকতাৰ লগত সম্পূৰ্ণৰূপে মিলি গৈছিল। এইটো মোৰ যাত্ৰাৰ এক নিৰৱচ্ছিন্ন ধাৰাবাহিকতাৰ দৰে অনুভৱ হৈছিল।”

আমাজনৰ দৰে প্ৰতিষ্ঠানে প্ৰাক্তন বা জ্যেষ্ঠসকলে কঢ়িয়াই অনা মূল্যক স্বীকৃতি দিয়ে আৰু কৰ্প’ৰেট পৃথিৱীখনলৈ নিজৰ নিৰৱচ্ছিন্ন ৰূপান্তৰৰ বাবে বেচপ’ক প্ৰগ্ৰেম তৈয়াৰ কৰিছে। আমাজনে বিভিন্ন পৃষ্ঠভূমি আৰু অভিজ্ঞতা থকা ব্যক্তিসকলক নিয়োগ কৰাৰ লগতে নেতৃত্ব আৰু চিন্তাৰ বৈচিত্ৰ্যতাক উদযাপন কৰি গৰ্ববোধ কৰে। সামৰিক কাৰ্যসূচী আৰু সামৰিক ৰাষ্ট্ৰদূত কাৰ্যসূচী হৈছে বিশ্বৰ আটাইতকৈ গ্ৰাহক-কেন্দ্ৰিক কোম্পানী গঢ়ি তোলাৰ বাবে আমাজনৰ অভিযানৰ মূল উপাদান।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *