মৰ্মান্তিক! লক্ষ্মী নৰসিংহ স্বামী মন্দিৰৰ সমীপত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু ৬ বছৰীয়া কণমানিৰ

শনিবাৰে অন্ধ্ৰ প্ৰদেশৰ তিৰুমালাত নাহৰফুটুকীৰ আক্ৰমণত এটি ছয় বছৰীয়া কণমানিৰ মৃত্যু ঘটাৰ ঘটনাই অঞ্চলটোত শোক আৰু আতংকৰ সৃষ্টি কৰিছে।

শুকুৰবাৰে নিশা আলিপিৰিত খোজকাঢ়ি তিৰুমালালৈ আহি থকা অৱস্থাত নৰসিংহ স্বামী মন্দিৰৰ সমীপত সন্ধানহীন হৈছিল লক্ষীতা নামৰ কণমানিটি। ইয়াৰ পিছতে শনিবাৰে নৰসিংহ স্বামী মন্দিৰত মৃত অৱস্থাত উদ্ধাৰ হয় শিশুটি।

লক্ষীতাৰ পিতৃ দীনেশে কয়, “তিৰুমালাত ফুটৱেত বগাই থাকোঁতে কেইখোজমান আগুৱাই থকা তেওঁৰ ছোৱালীজনীয়ে বিস্কুটৰ পেকেট এটা ক্ৰয় কৰিবলৈ গ’ল। ভক্তৰ গধুৰ ভিৰৰ বাবে আমি ভাবিছিলো তাই আগত আছে, কিন্তু কিছু সময়ৰ পাছত তাইক বিচাৰি নাপালোঁ। পিছত লক্ষ্মীনৰসিংহ স্বামী মন্দিৰৰ সমীপত নাহৰফুটুকী আক্ৰমণত মৃত অৱস্থাত উদ্ধাৰ হয়।”

ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় তিৰুপতি চৰকাৰী চিকিৎসালয়লৈ। অধিক সবিশেষ জানিবলৈ অপেক্ষা কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *