শোকাবহ! স্বাধীনতা দিৱসৰ পেৰেড অনুশীলনৰ সময়তে মৃত্যু আৰক্ষী জোৱানৰ

গুৱাহাটীৰ খানাপাৰাত স্বাধীনতা দিৱসৰ পেৰেড অনুশীলনৰ সময়তে হঠাৎ অসুস্থ হৈ অকাল মৃত্যুক সাৱটি ললে এগৰাকী আৰক্ষী কনিষ্ঠবলে। শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে নিহত আৰক্ষী কনিষ্টবলজনৰ নাম কুকিল দত্ত। লখিমপুৰৰ নিবাসী কুকিল অসম আৰক্ষী ৰেডিঅ’ অৰ্গেনাইজেচনৰ অধীনত তেজপুৰত কৰ্তব্যৰত আছিল।

খানাপাৰা পেৰেড খেলপথাৰত আগন্তুক স্বাধীনতা দিৱস উদযাপনৰ অনুশীলনৰ সময়ত অসুস্থ হৈ পৰে কুকিল দত্ত।

ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

আজি পুৱা জোৱানজনৰ নশ্বৰ দেহ লখিমপুৰৰ বাসগৃহলৈ অনাৰ পিছতে তেওঁক শেষ শ্ৰদ্ধা জনাবলৈ তেওঁৰ বাসগৃহত উপস্থিত হয় অগণন লোক।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *