গুৱাহাটীত উন্মোচন ‘সেই পোন্ধৰটা দিন’ শীর্ষক গ্ৰন্থ

বহু প্রত্যাশিত ‘সেই পোন্ধৰটা দিন’ শীর্ষক বিশেষ গ্রন্থখন দেওবাৰে শুভ-উন্মোচন কৰা হ’ল গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত । গুজৰাটৰ প্ৰসিদ্ধ লেখক প্রশান্ত পোলে ভাৰতৰ স্বাধীনতাৰ এক পষেক আগৰ অৰ্থাৎ ১৯৪৭ চনৰ ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ভাৰতৰ বিভিন্ন অঞ্চলত লোকচক্ষুৰ আঁৰত ঘটা বহু শিহৰণকাৰী ঘটনাৰ আলম লৈ হিন্দী ভাষাত লিখা ‘ৱ পন্দ্ৰহ দিন’ শীর্ষক গ্রন্থ খনে দেশ-বিদেশত বিক্ৰীৰ অভিলেখ ভংগ কৰাৰ পিছত গ্ৰন্থখনি ইংৰাজীকে ধৰি কেইবাটাও ভাষাত ইতিমধ্যে প্ৰকাশ হৈছে। উক্ত গ্রন্থখনি সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে অসমীয়া ভাষালৈ অনুবাদ কৰি ‘সেই পোন্ধৰটা দিন’ নামকৰণেৰে বিভিন্ন পূৰণি ফটোৰে সৈতে ১৬৮ পৃষ্ঠা সম্বলিত গ্রন্থ খনি আজি জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত উন্মোচন কৰে। ইয়াৰ এটি দৃশ্য-শ্ৰাব্যৰ সংস্কৰণো আজি প্ৰদৰ্শন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া, অসম আৰক্ষীৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই আৰু দৃশ্য-শ্রাব্য সংস্কৰণটো উন্মোচন কৰে অসম চৰকাৰৰ প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই। বিশিষ্ট অভিনেত্রী আশা বৰদলৈয়ে আঁত ধৰা আৰু সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিক উপ-সভাপতি প্রফুল্ল বৰ্মনে উদ্দেশ্য ব্যাখ্যা কৰা উন্মোচনী সভাখনত আন বহু বিশিষ্ট লোক উপস্থিত থাকে। ভাস্কৰজ্যোতি মহন্ত আৰু প্ৰমোদ কলিতাই ভাষণ প্ৰসংগত কয় যে এনেকুৱা এখন গ্ৰন্থ প্ৰকাশ কৰি সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে অতি উল্লেখযোগ্য কাম কৰিছে আৰু এই গ্ৰন্থখনে পাঠক সমাজত সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। গ্ৰন্থখন হিন্দী ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰা অনুবাদক মৰমী ওজা ৰয়ে গ্ৰন্থ খনৰ বিষয়ে এটি চমু বক্তব্য আগবঢ়ায়। প্রকাশন প্রমুখ, প্রফুল্ল বৰ্মনে জানিবলৈ দিয়ে যে গ্রন্থ খনি প্রকাশৰ পূৰ্বেই আগতীয়াকৈ বন্দোবস্ত কৰি প্ৰায় পোন্ধৰ হেজাৰ ক্ৰেতাই গ্ৰন্থ খনৰ প্ৰকৃত মূল্য ১৫০ টকাৰ পৰিবৰ্তে ৰেহাই মূল্যত অর্থাৎ ১২৫ টকাত ক্ৰয় কৰি সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ বেংক একাউণ্টত জমা কৰিছে। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিক সভাপতি ড০ বিনীতা ভাগবতীয়ে শলাগৰ শৰাই আগবঢ়ায়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *