ভাৰতৰ হস্ততাঁতৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ প্ৰথমবাৰলৈ লণ্ডনত শাৰী ৱাকাথন

ভাৰতৰ হস্ততাঁতৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যৰে ৬ আগষ্টত লণ্ডনত প্ৰথমবাৰৰ বাবে শাৰী ৱাকাথন অনুষ্ঠিত হয়। ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক অবিচ্ছেদ্য অংশ হৈ থকা আৰু কলিকতাৰ টাউন হলৰ (বৰ্তমান কলকাতা) পৰা আৰম্ভ হোৱা স্বদেশী আন্দোলনৰ সৈতে একাত্মতা প্ৰকাশ কৰিবলৈ ৭ আগষ্টত ভাৰতত ‘ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস’ৰ এদিন পূৰ্বে এই ৱাকাথন অনুষ্ঠিত কৰা হয়। প্ৰায় ৬০০তকৈও অধিক মহিলাই ভাৰতৰ বিভিন্ন ৰাজ্যক প্ৰতিনিধিত্ব কৰি ইয়াত অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ ৰাজ্যৰ পৰা বিভিন্ন হস্ততাঁত বয়নবোৰ প্ৰদৰ্শন কৰি ট্ৰাফালগাৰ স্কোৱেৰৰ পৰা আৰম্ভ কৰি ঐতিহাসিক লণ্ডন স্মাৰক, ১০ ডাউনিং ষ্ট্ৰীটহৈ
ৱেষ্টমিনষ্টাৰৰে লণ্ডনৰ ঐতিহাসিক সংসদ স্কোৱেৰলৈ এক পদযাত্ৰা উলিয়াইছিল। এই অনুষ্ঠানটো অনুপ্ৰেৰণাদায়ক আইআইডব্লিউ (অনুপ্ৰেৰণাদায়ক ভাৰতীয় মহিলা) গ্লোবেল হেৰো কেয়াৰ প্লাছৰ দ্বাৰা সমৰ্থিত ড০ দিপ্তি জৈনৰ নেতৃত্বত ব্ৰিটিছ ৱমেন ইন শাৰীছে আয়োজন কৰিছিল। এই সন্দৰ্ভত ডঃ দীপ্তি জৈনে কয়; “আজিৰ আধুনিক ভাৰতীয় মহিলাসকলে সাজ-পোছাকত বিশেষ গুৰুত্ব দিয়ে। এই ক্ষেত্ৰত শাৰীক বিশেষ প্ৰাধান্য দিয়ে।
এই ধাৰণাটোৰ পৰা ব্ৰিটিছ ৱমেন ইন শাৰীছ গোট গঠন কৰা হৈছিল। এইটো ক্ষমতাশালী মহিলাৰ এটা গোট, যিয়ে হস্ততাঁতশাৰী প্ৰদৰ্শন কৰা আৰু ভাৰতত থকা অনন্য সাংস্কৃতিক প্ৰতিনিধিত্ব কৰাত গৌৰৱ কৰে। ই হৈছে এক অলাভজনক সংগঠন, যি আমাৰ ৰাষ্ট্ৰীয় ঐতিহ্যৰ প্ৰচাৰৰ বাবে অনুষ্ঠান আয়োজন কৰিব বিচাৰে আৰু বিশ্বজুৰি সকলোকে পৰিশ্ৰম, হাতৰ কাম আৰু শিল্পীত্বৰ বিষয়ে সজাগ কৰিব বিচাৰে।” অসম দলটোত চিনু কিশোৰৰ সৈতে প্ৰায় ১০ জন সদস্য আছিল। অসম দলটোৱে হস্ততাঁত, সুন্দৰ মুগা ৰেচম আৰু ৰেচম মেখলাচাডৰ প্ৰদৰ্শন কৰিছিল। তেওঁলোকে মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাই শেষ কৰাৰ আগতে সংসদ স্কোৱেৰত পৰম্পৰাগত বিহু নৃত্য প্ৰদৰ্শন কৰিছিল। চিনু কিশোৰে কয়- ‘এই আন্দোলনৰ আম্বাচাদৰ হিচাপে আমি সুখ অনুভৱ কৰিছোঁ। কিশোৰে ইষ্ট জ’ন ডান্সাৰ (বেংগল, বিহাৰ, উৰিষ্যা) বাবে নৃত্য পৰিচালনা কৰিছিল। লণ্ডনৰ কেন্দ্ৰত সুন্দৰ মেখলাচাডৰ আৰু বিহু নৃত্য প্ৰদৰ্শন কৰি আমি অত্যন্ত গৌৰৱান্বিত। দলটোৱে ভাৰতৰ হস্ততাঁত,ইয়াৰ ইতিহাস আৰু ইয়াৰ আঁৰৰ কলাসম্পৰ্কে সকলোৰে মাজত সজাগতা বৃদ্ধি কৰিব বিচৰা হৈছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *