জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰ সফলতা! অবৈধ অনুপ্ৰৱেশৰ সময়তে এনকাউণ্টাৰত নিহত ২ সন্ত্ৰাসবাদী…

সোমবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চৰ ডেগৱাৰ টেৰৱান অঞ্চলত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত নিৰাপত্তা বাহিনীয়ে অবৈধ অনুপ্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে দুজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰিবলৈ সক্ষম হয়।

প্ৰতিৰক্ষা বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যৌথ অভিযান চলাই সন্ত্ৰাসবাদী দুটাৰ অনুপ্ৰৱেশ প্ৰতিৰোধ কৰাত সফল হয়।

বিষয়াসকলৰ মতে, পুৱা প্ৰায় ০২:০০ বজাত পুঞ্চৰ গড়ী বেটেলিয়নত এম্বুছ কৰি যোগাযোগ স্থাপন কৰা হয়। ডেগৱাৰ টেৰভাৰ অঞ্চলত দুজন ব্যক্তিক এল অ’ চিৰ কাষেৰে আহি থকা পৰিলক্ষিত হৈছিল। ঘটনা সন্দৰ্ভত অধিক সবিশেষৰ বাবে অপেক্ষা কৰি আছে।

একেদৰে দেওবাৰে টাংধৰ ছেক্টৰত ভাৰতীয় সেনা আৰু কুপোৱাৰা আৰক্ষীৰ যৌথ অভিযানত এজন সন্ত্ৰাসবাদী নিহত হয় বুলি কাশ্মীৰ মণ্ডল আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে জনোৱা মতে, টাংধৰ ছেক্টৰৰ আমৰোহী অঞ্চলত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়ত এজন সন্ত্ৰাসবাদী নিহত হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *