ঘৰ – দুৱাৰ ভাঙি বেদখলকাৰীক উচ্ছেদ কৰাৰ পাছতো চেগ বুজি গুৱাহাটীৰ পাহাৰ , সংৰক্ষিত বনাঞ্চলত একাংশ বেদখলকাৰীয়ে কৌশলেৰে অব্যাহত ৰাখিছে বেদখল কার্য । আনকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাৰ বাবে ৰাজ্যৰ সংৰক্ষিত বনাঞ্চল সমূহ যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰিবলৈ বন বিভাগক নিৰ্দেশ দি আহিছে । আনকি মুখ্যমন্ত্ৰীয়ে বনাঞ্চলত নতুনকৈ যাতে বেদখলৰ ঘটনা সংঘটিত নহয় তাৰ ওপৰতো চকু ৰাখিবলৈ বন বিভাগক নিৰ্দেশ দিছে । ইফালে পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ৰোহিণী বল্লভ শইকীয়াই খণ্ড বন বিষয়া সকলক নিজ নিজ এলেকাত নতুনকৈ হোৱা বেদখল সমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দি আহিছে । ডি এফ অৰ নিৰ্দেশনাৰ পাছতেই গুৱাহাটীৰ বশিষ্ঠ খণ্ড বন কাৰ্যালয়ে পূৰ্বৰ দৰে আজি কিছুদিনৰ বিৰতিত গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বেহাৰবাৰীত ( সেউজ নগৰ ) অঞ্চলত এক উচ্ছেদ অভিযান চলায় । বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি বশিষ্ঠৰ খণ্ড বন বিষয়া পুলিন মহন্তৰ নেতৃত্বত খণ্ড বন কাৰ্যালয়ৰ এটা বনকর্মীৰ দলে দক্ষিণ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকর্মী আৰু অসম বন সুৰক্ষা বাহিনীৰ সশস্ৰ। জোৱানৰ সহযোগত চলোৱা অভিযানত নতুনকৈ নিৰ্মাণ কৰা ৭ টা টিনৰ চালিৰ কেঁচা ঘৰ উচ্ছেদ কৰা হয় । অৱশ্যে বন বিভাগৰ অভিযানকাৰী দলটো তাত উপস্থিত হোৱাৰ পাছতেই বেদখলকাৰী সকল কৌশলেৰে পলায়ন কৰিবলৈ সক্ষম হয় । ফলত এই সন্দৰ্ভত অভিযানকাৰী দলটোৱে কোনো বেদখলকাৰীক আটক কৰিব নোৱাৰিলে । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিগত বৰ্ষত কেবাবাৰো খণ্ড বন বিষয়া পুলিন মহন্তৰ নেতৃত্বত বনকর্মীৰ দলে ভালেকেইটা নতুনকৈ নিৰ্মাণ কৰা টিনৰ চালিঘৰ উচ্ছেদ কৰিছিল । অানহাতে উচ্ছেদ অভিযানৰ নেতৃত্ব দিয়া খণ্ড বন বিষয়া পুলিন মহন্তই জানিবলৈ দিয়া মতে আজি প্ৰায় ৩ হেক্টৰ মাটি বেদখলমুক্ত কৰা হয়। শীঘ্ৰে তাত বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হব।
গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ বেহাৰবাৰীৰ সেউজনগৰত বন বিভাগৰ উচ্ছেদ অভিযান
