লোমহৰ্ষক! ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি জ্বলাই হত্যা, ৩ জনক আটক

ৰাজস্থানৰ ভিলৱাৰা জিলাত কয়লা চুলাত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰি জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত তিনিজন লোকক আটক কৰিছে আৰক্ষীয়ে।

বুধবাৰে ভিলৱাৰাৰ কোটডি ব্লকৰ এখন গাঁৱত সংঘটিত হয় এই ঘটনা। ভিলৱাৰাৰ আৰক্ষী অধীক্ষক আদৰ্শ সিদ্ধুৱে কয় যে এগৰাকী কন্যা শিশুক হত্যা কৰি জ্বলাই দিয়া হৈছে। তদন্তত চাৰিজন লোকৰ নাম আহিছে, ইয়াৰে তিনিজনক আটক কৰি ৰখা হৈছে। ধৰ্ষণৰ সম্ভাৱনা নুই কৰিব নোৱাৰি যদিও ইয়াৰ তদন্ত চলি আছে।

কিশোৰীগৰাকীৰ জ্যেষ্ঠ ভাতৃয়ে জনোৱা মতে, বুধবাৰে পুৱা ৮ বজাত তেওঁৰ সৰু ভনীয়েকে ছাগলী লৈ ঘৰৰ পৰা ওলাই গৈছিল। সন্ধিয়া ৩ বজাৰ ওচৰত ছাগলীকেইটা ঘৰলৈ উভতি আহিল, কিন্তু ভনীয়েকে ঘূৰি নাহিল।

পৰিয়ালৰ লোক আৰু গাঁৱৰ ৰাইজে নাবালিকা ছোৱালীজনীক বিচাৰি উলিয়ায়। ৰাতি প্ৰায় ৮ বজাত তেওঁলোকে গাঁৱৰ বাহিৰৰ কালবেলিয়া বস্তিৰ ওচৰত কয়লা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা চুলাটো জ্বলি থকা দেখিলে।

বৰষুণৰ সময়ত এই চুলাটো জ্বলোৱা নহয় বাবে ই অস্বাভাৱিক আছিল। গাঁৱৰ ৰাইজে চুলাটোৰ ওচৰ পাওঁতে তাত জোতা আৰু শিশুটিৰ ৰূপৰ ব্ৰেচলেট এটা পাইছিল। জুইত হাড়ৰ টুকুৰাও উদ্ধাৰ হয়। গাঁওবাসীয়ে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষী অধীক্ষক আদৰ্শ সিন্ধুৱে কয় যে, “আৰক্ষীয়ে ফৰেনছিক দলৰ সৈতে সেই স্থানত উপস্থিত হয়। ছোৱালীজনীৰ ব্ৰেচলেট আৰু জোতা উদ্ধাৰ কৰে। অধিক তদন্তৰ বাবে চুলাত পোৱা হাড়ৰ নমুনাৰ ডি এন এ পৰীক্ষাও কৰা হ’ব।”

কোত্ৰী থানাৰ গৃহ বিষয়া খিৱৰাজ সিঙে কয় যে অভিযুক্তক জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে। “পৰিয়ালে আনুষ্ঠানিক প্ৰতিবেদন দাখিল কৰাৰ প্ৰক্ৰিয়াত আছে। আমি অধিক তদন্তৰ বাবে ফৰেনছিক প্ৰতিবেদনৰ ওপৰত অপেক্ষা কৰি আছো।”

ইয়াৰ মাজতে মহিলাৰ বিৰুদ্ধে অপৰাধৰ বিষয়ত ৰাজ্য চৰকাৰক সম্পূৰ্ণ ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰি ৰাজস্থান বিজেপিয়ে গঠন কৰিছে এখন কমিটী। এই কমিটিয়ে সেই স্থানত গৈ মৃত ছোৱালীজনীৰ পৰিয়ালৰ লোকক লগ কৰিব। এই কমিটীত আছে মহিলা মৰ্চাৰ সভানেত্ৰী অনিতা ভাদেল সুৰক্ষা ভাণ্ডাৰী আৰু প্ৰাক্তন বিধায়ক অতাৰ সিং ভদনা।

একে সময়তে ৰাজ্য মন্ত্ৰী ধীৰাজ গুৰজাৰেও সেই স্থানত উপস্থিত হয়। কিশোৰীগৰাকীৰ আত্মীয়ৰ পৰা এই সন্দৰ্ভত সোধা-পোছা কৰি তেওঁ কয় যে ১৪ বছৰীয়া নিৰীহ শিশুৰ সৈতে হোৱা এনে ঘটনা নিন্দনীয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *